পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬১
কৃষ্ণ গুণমালা।

নমনীয় কূল,
চড়াই তাৰ কূল,
কৃষ্ণক থৈলন্ত,
বসুদেৱ সন্ত,
নন্দে দেখিল,
উৎসৱ মিলিল,
নন্দ যশোদাৰ,
কৰিলা বিহাৰ,
অনেক যন্ত্ৰনা,
আসিল পুতনা,
পৰম সঙ্কট,
সহিতে শকট,
দৈত্য চক্ৰাবাত,
কৃষ্ণৰ লীলাত,
জগতৰ স্বামী,
মাতৃ কোলগামী,
জগত নিখিল,
বিস্ময় মিলিল,
আসি গৰ্গঋষি,
জাত কৰ্ম্ম ৰাশি,
বিধিমতে নাম,
কহি গুণ গ্ৰাম,
পাছে ব্ৰজপুৰে,
সোণাৰ নূপুৰে,
অগনি সৰ্পক,
দেখি দেন্ত হাক,
গোপীকাৰ ঘৰে,
অপকাৰ কৰে,
গোপীগণ আসি,
কৃষ্ণচেষ্টা ৰাশি,

   

যমুনা বিপুল।
পাইলন্ত গোকুল॥
কন্যাক লৈলন্ত।
দুনাই আসিলন্ত।
পুত্ৰ উপজিল।
মহা দান দিল॥
গৃহত অপাৰ।
জগত আধাৰ।
কৰিলা মন্ত্ৰনা।
শুষিল চেতনা।
দধি দুগ্ধ ঘৃত।
কৰিলা উলট।
ভৈল কন্ধ পাত।
পড়িয়া শিলাত।
প্ৰভু অন্তৰ্য্যামী।
তুলিলন্ত হামি।
গৰ্ভত দেখিল।
যশোদা ডৰিল।
গোপনত বসি।
কৰিলা হৰিষি।
থৈলা কৃষ্ণ ৰাম।
গৈলা নিজ ধাম॥
ৰঙ্গে ভ্ৰমি ফুৰে।
ৰুণ ঝুণ কৰে।
যান্ত ধৰিবাক।
নুশুনন্ত বাক।
পশি দামোদৰে।
দেখি নিৰন্তৰে।
যশোদাত হাসি।
কৰন্ত প্ৰকাশি।