পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
হৰিশ্চন্দ্ৰ উপাখ্যান।

ৰাক্ষস পিশাচ যত সবাতো অধম।
পৃথিবীত মহাপাপী নাহি মোৰ সম॥
ভাৰ্য্যাক বিকিবে আসি আছো আগবাঢ়ি।
আহাৰ নিমিত্তে প্ৰাণ যান্তে আছো ছাৰি॥
দাসী ভাৱে লৱা যেবে আছে প্ৰয়োজন।
ঝান্তে বোলা যেবে মোত আছয় চেতন॥
এক বৃদ্ধ ব্ৰাহ্মণ আসিল হেন শুনি।
জকমক দশন মাটিত লাগে ভুণি॥
চৰাচৰ ফোট জকমক কৰে কেশ।
অতি বৃদ্ধ ব্ৰাহ্মণ চলন্তে লাস বেশ॥
গাৱ ভৰি হাত সিটো আচাৰন্তে আসি।
নৃপতিক বোলন্ত বিকস কোন দাসী॥
মই লইবো কিনি দাসী যত লাগে ধন।
কত পাইলে দিবি কহ স্বৰূপ বচন॥
নগৰৰ দ্ৰব্য আমি গ্ৰাহক কৰাওঁ।
নানাবিধ বস্তু যত ঘৰে বসি পাওঁ॥
দুখ পাইবে লাগি কিছু নকৰিয়ো শঙ্কা।
ঘৰত পড়িয়া আছে লক্ষ কোটি টঙ্কা॥
একেখানি ভাৰ্য্যা মোৰ অতি সুকুমাৰী।
প্ৰাণ সম আমাৰ প্ৰথম বিহা-নাৰী॥
কৰ্ম্ম কৰিবাক নেদো দুখ পাইবে ডৰে।
পানী আনি আপুনি ৰন্ধন কৰো ঘৰে॥
তোৰ ভাৰ্য্যা দেখো এই স্বভাৱে সুথিৰ।
কৰ্ম্মত কুশল হৈবে সুদৃঢ় শৰীৰ॥
এইক দাসী পাইলে ভাল পাইবে ব্ৰাহ্মণী।
যেন লাগে লইবি ধন মই নিবো কিনি॥
ব্ৰাহ্মণৰ শুনি বজ্ৰ সমান বচন।
মহাদুখে নৃপতিৰ বিদাৰিলা মন॥
মাতিবাক নপাৰিয়া ৰাজা সেই টালে।
গোৰ কটা গাছ যেন পড়িল নিঢালে॥