পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৭
উদ্ধৱ সংবাদ।

ইটো গোপী তেজিলেক,   দুস্তেজ্য় স্ৰজনা বহু,
  আৰু একো ধৰ্ম্মক নচাৱে।
এৰি আন মনোৰথ,   কৃষ্ণৰ ভকতি পথ,
  ধৰিলেক মহা শুদ্ধ ভাৱে।
যাহাক চাৰিয়ো বেদে,   বিচাৰন্ত অবিচ্ছেদে,
  তথাপিতো নতু পাৱে লাগ।
হেন প্ৰেম ভকতিত,   সদায় মজিলা চিত্ত,
  এসম্বাৰ কিনো ভৈলা ভাগ॥
যিটো কৃষ্ণ চৰণক,   মহা যোগেশ্বৰো সব,
  মনেও নপান্ত পূজি যাক।
লক্ষ্মী দেৱী কোলে ধৰি,   অনেক ভকতি কৰি,
  সদায় মৰ্দন্ত হাতে তাক।
ৰাসক্ৰীড়া উৎসৱত,   হেন পদ পঙ্কজত,
  গোপী সবে অৰ্পিয়া মনত।
এৰাইলেক তাপচয়,   ভৈলা মহা মহোদয়,
  কি কহিবো ভাগ্যৰ মহত্ত।
তাসম্বাৰ মহিমাক,   সুমৰন্তে উদ্ধৱৰ,
  মনত আনন্দ গৈলা চৰি।
কৃতাঞ্জলি কৰি হৰি,   দাস বুলিবাক লৈলা,
  দণ্ডৱতে পৃথিবীত পৰি।
নন্দৰ ব্ৰজৰ স্ত্ৰীৰ,   চৰণ ৰেণুক হেৰা,
  কৰো মই সদায় বন্দন।
যাৰ হৰি গুণ গীতে,   পৱিত্ৰ কৰিলা নিতে,
  নিস্তাৰিলা ই তিনি ভুবন॥