পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
অসমীয়া সাহিত্যৰ চানেকি।

কেহো বোলে হুতাশন।
আসি ভৈল উপসন্ন॥
যেনো দান অভিলাষে।
সনতকুমাৰ আসে॥
কৰিবে নোৱাৰে স্থিৰ।
বামনৰ পয়োভিৰ॥
প্ৰতি পাৱে কম্পে ভূমি।
উৰ্দ্ধমুখে ঝুমাঝুমি॥
উঠি চাৱে সামৰাজ।
যজ্ঞৰ এড়িয়া কাজ॥
নমো হৰি কৰা দায়া।
গুচোক সংসাৰ মায়া॥
কৃষ্ণ কথা সৰ্ব্বক্ষণে।
শুনিয়োক এক মনে॥
ঝুমুৰি শঙ্কৰে ভণে।
ৰাম বোলা ঘনে ঘনে॥



পদ।

শুক নিগদতি শুনিয়োক কথা পাছে।
এহি মতে সমস্তে বিস্ময় হুয়া আছে॥
অনন্তৰে কপট বামন বনমালী।
ঋষি গণ সমে প্ৰবেশিলা যজ্ঞশালী॥
কপীনৰ ভুনি আতি লোটয় মাটিত।
কুশৰ মেখলা বান্ধি আছয় কটিত॥
অজীণ উত্তৰী নৱগুণ জলে উৰে।
বিচিত্ৰ পিঙ্গট জটাজুট শোভে শিৰে॥
এক হাতে আছে কমণ্ডলু ব্ৰহ্মদণ্ড।
আৰ হাতে ধৰিয়া আছয় ছত্ৰদণ্ড॥