পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
অনাদি পাতন।

সাগৰ সহিতে সবে কৰে তল বল।
দেখিয়ো কৃষ্ণৰ ইটো যোগ মায়বল॥
কহিলো তোমাত পৃথিবীৰ স্থিতি কথা।
মহা প্ৰলয়ৰ আবে শুনিয়ো ব্যৱস্থা॥
যেবে গৈল একাশত বৰিষ ব্ৰহ্মাৰ।
ৰুদ্ৰৰূপে কৰে হৰে জগত সংহাৰ॥
অধে উৰ্দ্ধে শৰীৰত নেদেখি প্ৰমাণ।
ভ্ৰুকুটি কুটিল মুখ দেখি হৰে প্ৰাণ॥
আউল জাউল জটাজুট হাতত ত্ৰিশূল।
ঘোৰ মূৰ্ত্তি ধৰি কৰে প্ৰজাক নিৰ্ম্মূল॥
কিল কিল কৰি হাসে লড়ে মুণ্ডমালী।
পৰ্ব্বতৰ শৃঙ্গ যেন দন্ত দুই পালী॥
সহস্ৰ সহস্ৰ, প্ৰজা মুথে ধৰি ডাটি।
মৰমৰি মূণ্ড চোবাৱন্ত দন্তে আতি॥
জঙ্কাৰন্ত মাথা স্বৰ্গবাসী যায় দূৰ।
চৰণৰ প্ৰহাৰে পৰ্ব্বত হোৱে চূৰ॥
ঘোৰ ৰিঙ্গ দিয়া দিগ্‌গজক খোঞ্চমাৰি।
ওপৰক তুলি নচুৱান্ত ত্ৰিপুৰাৰী॥
ৰুধিৰে দিগিধ দেহা কৰি ঘোৰ ধ্বনি।
তিনি গোটা চক্ষু যেন জ্বলন্ত অগনি॥
তেজে ঘোৰ আটাশ নিৰ্ঘত যেন পৰে।
স্বৰ্গ মৰ্ত্ত্য পাতাল একত্ৰ হুয়া লড়ে॥
জগত সংহাৰে হৰে পৰম বিক্ৰম।
অন্তকৰো অন্তক যমৰো মহা যম॥
এহিমতে ৰুদ্ৰে কৰিলন্ত প্ৰজাক্ষয়।
শুনা আত পৰে যেন মিলিলা প্ৰলয়॥
বাঢ়য় বৰিষ মানে ভৈলা অনাবৃষ্টি।
নোপজয় শস্য প্ৰজা নষ্ট হোৱে সৃষ্টি॥
বাৰগোটা সূৰ্য্যতাপ কৰে একেবাৰে।
বহয় শোষক বায়ু হৃদয় বিদাৰে॥