পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
অনাদি পাতন।

যেন মতে ভৈলা ইটো অনাদি-পাতন।
শুনিয়োক আছে যাৰ মুকুতিক মন॥
শুকত পুচন্ত পৰীক্ষিত নৃপবৰ।
শুনিলো তৃতীয় স্কন্ধ তোমাৰ মুখৰ॥
যতেক শুনোহো শুনিবাক যায় মতি।
অমৃত পিৱন্তে যেন নখণ্ডে তৃপিতি॥
সম্প্ৰতি ছেদিয়ো ঋষি সংশয় মনৰ।
সৃষ্টিৰ মধ্যত এক পুৰুষ ঈশ্বৰ॥
কেৱলে থাকন্ত হৰি এক ব্ৰহ্মতত্ত্ব।
কিমতে স্ৰজন্ত হৰি ইটো ত্ৰিজগত॥
এহি কথা শুনিবাক মোৰ যায় চিত্ত।
কহিয়োক ঋষি তুমি কৃষ্ণৰ চৰিত্ৰ॥
যেন মতে জগত স্ৰজন্ত নাৰায়ণ।
যি মতে স্ৰজন্ত ব্ৰহ্মা আদি দেৱগণ॥
যেন মতে সাতো স্বৰ্গ কৰন্ত নিৰ্ম্মাণ।
যেন মতে স্ৰজন্ত পাতাল সাতোখান॥
সপ্তদ্বীপা-বসুমতী সপত সাগৰ।
যি মতে স্ৰজন্ত নদী নদ সৰোবৰ।
পশু পক্ষী বৃক্ষ লতা চৰাচৰ যত।
যি মতে স্ৰজন্ত মেৰু মন্দৰ-পৰ্ব্বত॥
যেন মতে ব্ৰহ্মাণ্ড কৰন্ত নিৰ্ম্মান।
কহিয়ো আমাত তুমি ঋষি সৰ্ব্বজান॥
কোনে ধৰি আছে সসাগৰা বসুমতী।
কি কাৰণে পৃথিবী নযায় অধোগতি॥
কিবা হেতু লড়ে ইটো পৃথিবী মণ্ডল।
ছেদিয়োক ঋষি তুমি সংশয় সকল॥
শুক নিগদতি ধন্য অভিমন্যু সুত।
যি কথা সুধিলা পাতকৰ যমদূত॥
সৃষ্টি-স্থিতি-লয় মাধৱৰ মোক্ষলীলা।
আপোনি তৰিলা তুমি লোককো তাৰিলা॥