পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
অসমীয়া সাহিত্যৰ চানেকি।

 বিদূৰতে দেখি হাস্য কৰিলন্ত হৰি।
পৃছিলা কুশল বাৰ্ত্তা আলিঙ্গিয়া ধৰি॥
পৰম সাদৰে ব্ৰাহ্মণক বনমালী।
অন্তেস পুৰক লাগি নিলা আঙ্কোৱালি॥
সুবৰ্ণৰ খাটত বসাইলা নিয়া ধৰি।
আপুনি ধুৱাইলা কৃষ্ণে ব্ৰাহ্মণৰ ভৰি॥
দিব্য পঞ্চামৃত অন্ন কৰাইলা ভোজন।
পৰম সন্তোষ ভৈলা ব্ৰাহ্মণৰ মন॥
সুবৰ্ণ খাটত গেলাইলা পাছে গাৱ।
তৈল লৈয়া গোবিন্দে জান্তিলা হাত পাৱ॥
পথৰ প্ৰয়াস যেবে এবাইলা ব্ৰাহ্মণ।
হাসি নাৰায়ণে হেন বুলিলা বচন॥
আপোনাৰ কুশল কহিয়ো দ্বিজবৰ।
সুখে কি আছয় সিটো কুণ্ডিল নগৰ।
তোমাৰ ভীষ্মক নৃপতিৰ বাৰ্ত্তা ভাল।
ৰঙ্গ ধৰ্ম্মে কৰন্ত প্ৰজাক প্ৰতিপাল॥
আমাৰ থানক আইলা কিবা প্ৰয়োজন।
ভাগ্যেসে লভিলো তুমি হেনয় ব্ৰাহ্মণ॥
তযু আগমনত পবিত্ৰ হৈলা থান।
যেহি লাগে বোলা গুৰু তাকে দিবোঁ দান॥
শুনি বেদনিধি পাছে তুলিলন্ত হাস।
আপুনি সকলে জানা মোৰ যেন আশ॥
সমস্তে প্ৰাণীৰ তুমি হৃদয়ত স্থিত।
ত্ৰৈলোক্যত নাহিকে তোমাৰ অবিদিত॥
মোহোৰ ভাগ্যক গোঁসাই কি কহিবে লাগে।
প্ৰত্যক্ষতে ব্ৰহ্ম শৰীৰক দেখো আগে॥
যাক ভেট নতু পান্ত সিদ্ধ মুনিগণ।
আমাৰ শুশ্ৰষা কৰা হেন নাৰায়ণ॥
ভাগ্যৰ মহিমা মই কি কহিবো আৰ।
সাক্ষাতে ধৰিছাঁ তুমি বিষ্ণু অৱতাৰ॥