পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া সাহিত্যৰ চানেকি।

গীতি যুগ।

ধাই-নাম।

(ক) লৰা শুওৱা নাম।

১।    শিয়ালী এ নাহিবি ৰাতি।
  তোৰে কাণে কাটি লগামে বাতি॥
  আমাৰে মইনা শুব এ।
  এতিয়াই গৰু লৈ যাব এ॥
২।    আমাৰে মইনা শুব এ।
  বাৰীতে বগৰি ৰুব এ॥
  বাৰীতে বগৰি পৰি পৰিব।
  মইনাই বুতলি খাব এ।

৩। লাই হালে জালে,   আবেলি বতাহে
  লফা হালে জালে পাতে।
আমাৰে মইনা   হালিছে জালিছে
  কালি দুপৰৰে ভাতে॥
৪। ভাত খাই মইনা   দোলত উঠিলে
  পানী খাই মইনা শোৱে।
তামোল খাই মইনা   সেলেঙ্গি লাগিলে
  দোলা কাতি হৈ পৰে॥