যথাতে উদ্দিশ পায়ো তথাতে চলিয়া যায়ো
যথা আছে জনক জিয়াৰী।
যদি বা মনৰ দুখে ক্ৰোধে বাহিৰাইলা হে
আপুনি আসিবো কাখে কৰি॥
চঞ্চল চৰিত্ৰা বালা প্ৰথম যৌবনী কালা
জলে যেন চম্পকৰ কান্তি।
বদন সুৱৰ্ণ সম নেত্ৰ দুই মনোৰম
দশন মুকুতা সম পান্তি॥
চিকন চৰণ চাৰু বলিত ৰাতুল উৰু
বচন কুকিল সম ভাসে।
তিনিয়ো ভুবন ৰূপে মুহিবাক পাৰেহে
ডম্বৰুক জিনি মধ্য দেহে॥
চিত্ৰৰ পুতলি যেন সাক্ষাতে লক্ষ্মীৰ খান
লয়নু ললিত সমদেহা।
পৰম সুন্দৰ গতি হংসক জিনিলা আতি
বাতাসে শৰীৰ যেন হালে॥
ধনুক ভাঙ্গিয়া লৈক্ষ নৃপতিক জানিলোহো
সীতাক বিহাইলো বাহুবলে।
পৰশুৰামক জিনি অযোধ্যাক গৈলোহে
বনবাস কৈকেয়ীৰ বোলে॥
অভিষেক সময়ত ৰাজ্য হৰুৱাইলোহো
সীতা হৰুৱাইলো বনবাসী।
কতেক ললাটে দুখ বিধিয়ে লিখিলা হে
কিনো ভৈলা মোৰ মন্দৰাশি॥
আৰু নো কাহাৰ সঙ্গে থাকিবো কৌতুক ৰঙ্গে
বিধি কৈলা জীৱন নৈৰাশে।
কাহাত পুছিবো মই উদ্দেশ নপাওঁ হে
কোনো লোক নাই আগে পাছে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪১২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৪
অৰণ্যকাণ্ড