পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৯
অৰণ্যকাণ্ড।

একেশ্বৰে ৰাঘৱ ভ্ৰমন্ত নানা থানে।
আতি উত্ৰাৱল চিত সীতাৰ কাৰণে॥
অনেক বিচাৰ কৰি উদ্দেশ নপাইলা।
মেঢ় মন্দিৰক লাগি পুনুৰুপি আইলা॥
শূন্য মেঢ় দেখি প্ৰভু বিয়াকুল মনে।
হা সীতা বুলি ৰাৱ পাৰে ঘনে ঘনে॥
চিত্ত থিৰ নহয় সুমৰি প্ৰাণপ্ৰিয়া।
ভণে দুৰ্গাবৰ ৰামচৰণ ভাবিয়া॥


ৰাগ—অহিৰ

অ কি লখ্‌মন—
গৈলা সীতা মোক উপেক্ষিয়া।
তৃণত শয়ন মোৰ বল্ক পৰিধান হে—
এহি দুখ মনে আলচিয়া॥
এবেসে জানিলো সীতা—
ৰামৰ সুহৃদ নোহে—
এৰি মোক গৈলা কোন ভিতা।
একক লক্ষ্মণ যেন—
আমিয়ো ভৈলো হো তেন হে—
সহজে চঞ্চল তিৰি জাতি।
সম্পদে সুন্দৰী নাৰী—
আপদে পলাইলা এৰি
মই তাক জানোহো স্বৰূপে।
জনক দুহিতা হুয়া
স্বামী তেজিলা হে—
কেনে জীয়ো এতেক সন্তাপে॥
আথুটি কৰিয়া মোক—
মৃগক পঠাইলা হে—

৪২