পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৬
অসমীয়া সাহিত্যৰ চানেকি ৷

তোমাৰ যশস্যা গাইবেক সৱে মুনি।
তোমাৰ নিৰ্ম্মল যশে পুৰিবে ধৰণী॥
এহি বুলি ব্ৰহ্মা আদি সুৰ নৰ মুনি।
পুষ্প বৰষিলা অৰ্জ্জুনৰ মাখে ছানি॥৮২৯
সিটো ঘৰ ভেদিবে নপাৰে দেৱগণে।
একে শূলপাণি দেৱ মহেশ্বৰ বিনে॥
দেৱ সমে গৃহৰ ভিতৰ ভৈলা হৰ।
দেখি কৃষ্ণ অৰ্জ্জুনে যে হাঁসিলা বিস্তৰ॥৮৩০
মাধৱে বোলন্ত সখি শুনা ধনঞ্জয়।
ঘৰৰ ভিতৰ ভৈলা যত দেৱচয়॥
অছেদ অভেদ মোৰ শৰৰ যে ঘৰ।
ভেদিবে নপাৰে দেৱ সমে পুৰন্দৰ॥ ৮৩১
ব্ৰহ্মা বিষ্ণু নোৱাৰিবে ঘৰ ভেদিবাক।
তোমাত কহিলোঁ সখি মই দৃঢ় বাক॥
চৰাচৰ সিদ্ধে নোৱাৰিবে মহামতি।
শূলৰ প্ৰহাৰে ভেদিবেক পশুপতি॥ ৮৩২
অৰ্জ্জুনক চাই হৰি বুলিলা বচন।
শীঘ্ৰে চলা দুয়ো যাওঁ স্বৰ্গৰ ভুবন॥
অদিতি মাৱক দুয়ো কৰাহোঁ প্ৰণতি।
অদিতি মাৱত দোষ মাগোহোঁ সম্প্ৰতি॥ ৮৩৩
তৈৰ পৰা আসি যুদ্ধ কৰোঁ ধনঞ্জয়।
ইহাক লাগিয়া তুমি নকৰা সংশয়॥
ইহাক ৰণত তুমি কৰিবা বিৰখী।
তেবে তোমাসাক জানিবেক বুলি ৰথী॥ ৮৩৪
হেন শুনি অৰ্জ্জুনে বুলিলা মাধৱক।
শীঘ্ৰে ৰথ ডাকি প্ৰভু চলিও স্বৰ্গক॥
অৰ্জ্জুনে বোলন্ত সখি চপৰাই মাখ।
শীঘ্ৰে চলা স্বৰ্গে যাওঁ বাহা দিব্য ৰখ॥ ৮৩৫
অৰ্জ্জুনৰ বচনতে প্ৰভু দেৱ হৰি।
ঘোঁৰাক দিলেক পাচে চাবুকৰ বাৰি॥