পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৭
ৰামৰ বনবাস।

ৰক্ষা কৰা মাৱ আঙ্ক দুৰ্গতি তৰন্ত।
বনবাস খাটি আসি ৰাজ্যক কৰম্ভ।
লক্ষ্মণকো পালিবাহাঁ আহ্মৰ দেৱৰ।
মোক ৰক্ষা কৰাঁ সবে তবোহোঁ দুন্তৰ॥
অযোধ্য়াক আসিলে কৰিবোঁ বহুমান।
তোহ্মাৰ উদ্দেশে দিবোঁ সহস্ৰ গো দান॥
সীতা তুতি কৰন্তে গঙ্গাৰ ভৈলা পাৰ।
প্ৰণামিয়া গঙ্গাক বনত পয়সাৰ॥
সীতা আগে চলে লখাই ধনুসৰ ধৰি।
পাচত চলন্ত ৰাম দুইকো ৰক্ষা কৰি॥
তিনিয়ো অনেক দিন বিষম এড়াইল।
কতোদুৰ গৈয়া বট বৃক্ষ মূল পাইল॥
হৰিণেক মাৰিয়া ৰান্ধিয়া তৈতে খাইল।
বৃক্ষ মুলে লখাই পত্ৰ শয্যাক বিচাইল॥
শ্ৰীৰামে বোলন্ত বাপু শুনৰে লখাই।
তোবো শষ্যা কৰ মোৰ সন্নিত চপাই॥
আজি ভালে জানিবি প্ৰথম পৰবাস।
সুমন্তে এড়িলা দেখি তেজিলা নিশ্বাস॥
কতো নিশা যাহান্তে উদিত ভৈল শশী।
লক্ষ্মণক মতিলা শষ্যাত ৰামে বসি॥
আজি জানা সাফলিবে বাপৰ শপত।
কৈকেই মাৱৰ সিদ্ধি ভৈল মনোৰথ॥
হৰি হৰি বাপ দশৰথ মহীপাল।
কৈকেই তোক্ষাৰ ভৈলন্ত যম কাল॥
ভৰতু নৃপতি ভৈলে নখাই বাউলি।
মাৰিবে কৈকেই মোৰ মাৱ বাপ পুলি॥
এভো তঞি লখাই দেশক চলি যাহা
অনাথিত মাৱক বাপক ভালে চাহা॥
তোক দৰশনে কিছু সন্তাপ তেজিব।
সীতা সমে আমি পিতৃ বাক্য়ত থাকিব॥