পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৩
ৰামৰ বনবাস৷

মোহোৰ বাসনা এড়ি পালিয়ো শপত।
অবিলম্বে ৰাজ্যে আনি থাপিয়ো ভৰত॥
মোহোৰ নিমিত্তে কিক শোক জলয়।
গম্ভীৰ সাগৰ কদাচিতো নটলয়॥
নিশ্বাস কঢ়িয়া ৰাজ্জা মাখা তুলি চাইল।
সুমন্ত আগতে আছে তাঙ্ক ভেট পাইল॥
বোলোহোঁ সুমন্ত সুন বচন আহ্মাৰ।
চতুৰঙ্গ দল মোৰ সত্বৰে হাঙ্কাৰ॥
শ্ৰীৰামৰ লগতে চলোক সেৱা কৰি।
ভৰতে আসিয়া লৌক ই শূন্য নগৰী॥
প্ৰথম যৌবনী যত বিবিধ সুন্দৰী।
ৰাঘৱৰ লগতে চলায়ো ঝাণ্ট কৰি॥.
ভণ্ডাৰ বেহাৰ ধন জন যত দেশ।
ৰামৰ তুলতে হৌক বনত প্ৰবেশ॥
পাত্ৰ মন্ত্ৰী সকল যতেক বীৰ সাৰ।
একো একো বীৰে বাসৱকো দেই ধাৰ॥
ৰামৰ তুলতে গৈয়া বৈসাউ নগৰী।
কৈকেইক ৰাজ্য ইতো দেঞো শূন্য কৰি॥
সুনি কৈকেইৰ মুখ জিহ্বা সুখাই গৈল।
ক্ৰোধে নৃপতিক বাক্য বুলিবাক লৈল॥
সাৰ ভাগ কাঢ়ি লৈলা পাইলোঁ সত্য বোল।
ঘৃত কাঢ়ি লৈলা মঞি কি কৰিবো ঘোল॥
ৰাজাৰ চৰিত্ৰ দেখি ভৰতৰ মাৱ।
চমৎকাৰ জলিল কাম্পয় হাত পাৱ॥
বিবৰ্ণ বদন ভৈল নিশ্ৰীক কুচান্দ।
অমৃত পান যেন ৰাহুগ্ৰস্ত চান্দ॥
তোহ্মাৰ উপৰি বংশ সগৰ আছিল।
সুনি আছোঁ তেহোঁ শ্ৰেষ্ঠ পুত্ৰ ত্যাগিল॥
সেহি মতে ৰামক কৰিয়ো পৰিহাৰ।
আৰু যোগ্য নুহিকে অযোধ্যা ৰাজ্যভাৰ॥