পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৭
ৰুদ্ৰ কন্দলী

সাৰথি পৰিল ঘোৰা লৱৰ দিলেক।
বিমুখত গুৰু দ্ৰোণে খেপিলে সায়ক॥
শৰ পৰি চাৰি ঘোৰা গৈল যম ঘৰে।
চেকিতান ভূমি মাঝে কৰন্ত সমৰে॥
চাৰি শৰ হানিলন্ত দুনাই হৃদয়ত।
লৱৰি চৰিলা গৈয়া দ্ৰোণৰ ৰথত॥
সাত্যকীৰ ভাই যেবে ভৈলন্ত বিৰথ।
ধৃষ্টদ্যুম্ন তনয় সমৰে ভৈলা হত॥
সকলে পাঞ্চাল দশ দিশ কপাইল।
সাগৰে খলকে যেন মগৰে আউৰাইল॥
এতেকে বেহুৰ মাঝে ৰোল উথলিলা।
পাঞ্চজন্য ধ্বনি তিনি লোকক পুৰিলা॥
যি থাৱত যুদ্ধ কৰে শিলিৰ নন্দন।
তথাতে শুনিয়া ঘোৰ দাৰুণ ক্ৰন্দন॥
শোকে অপমানে ধৰ্ম্মৰাজা পাণ্ডু সুত।
সেনাৰ মাঝত চিন্তা কৰন্ত বহুত॥
দ্ৰোণৰ সমুখে বৃদ্ধ দ্ৰুপদ নৃপতি।
ধৃষ্টদ্যুম্ন সমে পুত্ৰ নাতি সমন্বিতি॥
আনো বৰ বৰ বীৰ লগে লৈলা বাচি।
সেনা পাচ কৰিয়া থাকিল যুদ্ধ কাছি॥
শ্ৰীমন্ত তাম্ৰধ্বজ অনুজে সহিতে।
বৃদ্ধৰ সমান ধৰ্ম্ম শিশু বয়সতে॥
বুদ্ধিত গম্ভীৰ ক্ষেমাবন্ত সুভনয়।
যাহাৰ খণক সৰ্ব্বজনে প্ৰশংসয়॥
বিষ্ণুৰ ভকত মহামায়াৰ সেৱক।
পুত্ৰৰ সমান কৰি দৰিদ্ৰ পালক॥
দুই ভাইৰ নেই যেন ৰাম লক্ষণৰ।
সবান্ধৰে জীৱন্তোক সহস্ৰ বৎসৰ॥
শুনিয়োক নৰলোক একচিত্ত মনে।
মুক্তিৰ কাৰণ হৰি বিনে নাহি আনে॥