পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
অসমীয়া সাহিত্যৰ চানেকি।

নিস্ফল জীৱন সিতে লোৰে খড়ি।
নিস্ফল জীৱন ধৰুৱা নিয়ে ধৰি॥
নিস্ফল জীৱন পৰত কৰে আশ।
নিস্ফল জীৱন খাটে প্ৰবাস॥
সবলে নিবলে কিহৰ নিয়া।
পঞ্চে পঞ্চ কিহৰ বিয়া॥
বাঘৰে ছাগৰে কিহৰ মতামতি।
হাতৰে মুৰৰে কিহৰ হতাহতি॥
দুষ্টা স্ত্ৰীহলে কিহৰ মাৱ।
অক্ষমী জনত কিহৰ ভাৱ॥
অপৰাধী হলে নকৰে ৰঙ্গ।
অকাটন কটাৰিত উঠে খঙ॥
ধনীৰ জয় সকলোৰে ৰঙ্গ।
ডাকে বোলে হৈল নিধনী ভঙ॥
নিধনী জন যি ঘৰে ঘাই।
আছোক ভাত মাতকে নপাই॥
ছাগ পাৰ পোহে হাঁহ।
দুই সীমাত ৰোৱে বাঁহ॥
বোলন্ত ডাকে মোত দোষ নাই।
নিত্যে নিত্যে সিতো বিষাদ পাই॥
জাপি লাঠি টনা।
ইয়াক এড়িলে দিনতে কণা॥
আহে যাই বহে উকুৰ।
কৰ্ণে আহে চহাল কুকুৰ॥
অপৰাণী হলে নপাই মান্যতা।
বেলি পৰি গৈলে নোহে সোধোতা॥
খেৰো পীড়া কটা পত্ৰ।
মুখ চাই ৰান্ধনী হাঁহে মাত্ৰ॥
দুৱাৰ চুকত দিলে ঠাই।
খালেনে নাখালে সোধোতা নাই॥