পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাও খেলোৱা গীত।

(১)

অ মোৰ মলুৱা ৰে।
মোৰ মলুৱাক কোনে মাৰিলে,
অ মোৰ মলুৱা ৰে॥
নেঠা নেঠা কৰে তাই নেঠা আনি দিলোঁ মই,
নেঠাত ধৰি ধৰি কান্দে অ মোৰ মলুৱা ৰে।
কপাহ কপাহ কৰে তাই কপাহ আনি দিলোঁ মই,
কপাহত ধৰি ধৰি কান্দে অ মোৰ মলুৱা ৰে।
যঁতৰ যঁতৰ কৰে তাই যঁতৰ আনি দিলোঁ মই,
যঁতৰত ধৰি ধৰি কান্দে অ মোৰ মলুৱা ৰে।
শাল শাল কৰে তাই শাল আনি দিলোঁ মই,
শালত ধৰি ধৰি কান্দে অ মোৰ মলুৱা ৰে।
সূতা সূতা কৰে তাই সূতা আনি দিলোঁ মই,
সূতাত ধৰি ধৰি কান্দে অ মোৰ মলুৱা ৰে।

(২)

ৰাম বোল হৰি বোল হে।
যেতিয়া আছিলোঁ মই মাও বাপৰ ঘৰে,
তেতিয়া নগৈলা কেনে লঙ্কাৰ বনিজে হে।
ধনৰ কাজাল সাউদ ধনকে কৰা সাৰ
বাপ মাও ধন দিব বলধে উঠিয়া।
বাৰীৰে ভলুকা কাটি নাৱৰ-দিলা ছৈ,
নালাগে সাউদ নিজে যা যাউক ছোট ভাই।
বাৰীৰ বগৰিকাটি নাৱৰ দিলা গুড়া।
নালাগে সাউদ নিজে যাৰ বাওক শহুৰ বুঢ়া॥