পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
অসমীয় সাহিত্যৰ অধ্যয়ন


 জুলছ্ ব্লখে সেইদেখি বাৰেপতি আপত্তি তোলে আৰু দোহাৰে বোলে জন-সাহিত্যৰ দিনাঙ্ক-মাসাঙ্ক নালাগে বৰ্ষাঙ্ক-যুগাঙ্কও থাকিব নোৱাৰে; কিয়নো ইউৰপতো আজিও ন ন জন-কুসংস্কাৰ সোমাব লাগিছে, আৰু ৰচনাৰ বৰ্ষাঙ্ক বা যুগাঙ্ক নিৰ্ণয় কৰোঁতে বোলে ভাষাৰ বিচাৰে আগঠাই পাব লাগে। প্ৰকৃততে তেনে বিচাৰত ডাকৰ বচনকে ধৰি অসমীয়া কোনো জন-সাহিত্যকে উনৈশ শতিকাৰ আগলৈ ঠেলিব নোৱাৰি নিশ্চয়; কিন্তু তেনে বিচাৰ এচঁহীয়ায নুবুলি নোৱাৰি। সাহিত্যৰ বিচাৰত ভাষা শৰীৰ, ভাব আত্মা; আমি আন এঠাইত কবৰ দৰে, এশ বছৰৰ আগৰ কেচুৱা এটি আজি চাব খুজিলে এশ বছৰীয়া বুঢ়া এজন দেখুৱাব পাৰি, কেচুৱা দেখুৱাব নোৱাৰি,, সচা; পিছে নাই-মোমাইতকৈ কণা-মোমাই ভাল বুলি যি দেহক আজি যৌৱন আৰু জৰাই ক্ৰমাং গচকি-খচকি আহিছে, এটি মোখনিৰে, সেই দেহতেই এশ বছৰৰ আগত সোণৰ শৈশৱে ক্ৰীড়া কৰিছিল বোলা একেবাৰে অযুগুত নহয়৷

 আমাৰ যুগুতি, ভাবেই যেতিয়া সাহিত্যৰ প্ৰাণ আৰু সেই প্ৰাণৰ সন্ধান য’ত যেতিয়ালৈকে পাব পাৰি তালৈ আঙুলিওৱা একোপধ্যে অবিচাৰ হব নোৱাৰে। জন-সাহিত্যৰ কোনো যুগ নাই বোলা কথাষাৰো বিনা সীমায় মানি লোৱা টান; ইউৰপ তথা ভাৰত তথা অসমতো আজিও ন ন জন- সাহিত্য ৰচিত হব পাৰে, কিন্তু জন-সাহিত্যয়ো যুগৰ ছাব মোহৰৰ বাবে পিঠি পাতি নিদি নোৱাৰে নিশ্চয়। আজিৰ অসমত গান্ধী-নেহৰুৰ বা ফুকন-বৰদলৈৰ স্বৰাজ-গীত ৰচিত হব পাৰে, আৰু বোধকৰোঁ হৈছেও; কিন্তু আজিৰ অসমত “জোনবাই এ, তৰা এটি দিয়া,” বা 'অ' ফুল, 'অ’ ফুল, নুফুল কিয়” গীত বা “ওকণী সখী মাৰি গল বগে বৰত কৰে’’ সাধু ৰচিত হোৱা অসম্ভৱ বুলিয়ে কব পাৰি।

 "যুগৰ ছাব-মোহৰ”ৰ ওপৰত ভিৰ দি, দেশখনতকৈ দেশৰ নামটো অতি অৰ্বাচীন হব পাৰে, তাৰ তুলনা দি সেইদেখি আমি বাচি-বিচাৰি নিশ্চয় তাকৰ কেইটিমান গীত-মাত আদি-মধ্যযুগত ঠাই দিছোঁ; মণিকোঁৱৰ-ফুঁলকোৱৰৰ গীত তাৰ অন্যতম। “শঙ্কলদেৱ ৰজাৰে পুতেক মণিকোঁৱৰ” বুলি প্ৰথমটি কাহিনীৰ, আৰম্ভ; মণিকোঁৱৰৰ অকাল মৃত্যুৰ পাছত তেওঁৰ পুতেক, শঙ্কলদিবৰ নাতিয়েক, ফুলকোঁৱৰৰ জন্ম। অসম বুৰঞ্জীত বা ভাৰত বুৰঞ্জীত