পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


স্বাভাৱিক ছন্দৰ দুশাৰী বা ততোধিক, আৰু সৰল বৃদ্ধৰ বচন আৰু জন- সাহিত্যৰ গঢ়ৰ আন জ্ঞান-গৰ্ভ সৰবৰহী ঘৰুৱা কথা আদিয়ে অসমীয়া পটন্তৰ- মালা গাঁঠি আহিছে আৰু ঘাইকৈ ঘৰোৱাহী জীৱনত জ্ঞান-বয়োবৃদ্ধ অমৰ সাৰথিৰ স্বাভাৱিক পৰিচালনাৰে জাতীয় জীৱনৰ মানসিকতাত ই যুগে যুগে নিজ বিবেকৰ দৰে হৈ পৰিছে।

 পটন্তৰ-মালাৰ এই স্বাভাৱিক ছন্দৰ লক্ষণ আকৌ এক আমোদজনক বিষয়। বৰ্ত্তমান আমি ৰচনাৰ দুশাৰীত বা কেইবা শাৰী কথাত একেটা শব্দৰ ধ্বনি নিয়মমতে দোহৰাকে ছন্দ বুলি বুজোঁ; এই শাৰীবোৰ সাধাৰণতে নিৰ্দিষ্টৰূপে দীঘল বা চুটি হব লাগিব। কিন্তু এই নিয়মৰ বান্ধ-ছাটত সোমাই ছন্দ বা শব্দৰ ধ্বনি মিলোৱা কথা কিমান পুৰণি আৰু তাৰ উৎপত্তি কিহত, এই এটা কথাই লগে লগে আমাৰ মনত খুন্দিয়ায়। ছন্দৰ উৎপত্তি সম্বন্ধে কোনো স্থিৰ মীমাংসা সতকাই হোৱা অসম্ভৱ; কিন্তু হওক বা নহওক, তাৰ এটি আভাস পাবৰ চেষ্টা কৰা নিশ্চয় আৱশ্যক। সংস্কৃত কবিসকলৰ মতে শোকতে শ্লোকৰ উৎপত্তি; এটা ব্যাধে এহাল কৰ্চন চৰাইৰ এটি মৰাত লগৰটিক বিৰহ-শোকত অধীৰ দেখি খঙত অপোন-পাহৰা হৈ বাল্মীকিৰ মুখত নিজেই বুজিব নোৱৰা যি শ্লোক ওলাই পৰিল কবিতাৰ বোলে এয়ে প্ৰথম জন্মোৎসৱ। কবিত্বপূৰ্ণ কাহিনীৰূপে ই নিশ্চয় নিৰুপম; কিন্তু বোধ হয় সাধাৰণ বিচাৰ-বুদ্ধিৰে ইয়াৰ তত্ত্ব বিচাৰিবলৈ অলপ ইফাল-সিফাল নকৰিলে নহব। বাহিৰৰ ছন্দ কাব্যৰ প্ৰাণ, ভিতৰৰ ছন্দ হে তাৰ আত্মা; সেইহে সংস্কৃত সাহিত্যৰ “কাদম্বৰী” পুথিত এই আভ্যন্তৰিক ছন্দ থকাৰ কাৰণে গদ্য হলেও তাক উৎকৃষ্ট কাব্যৰ লেখতো ধৰা দেখা পোৱা হয়।

 এই আভ্যন্তৰিক ছন্দ সৃষ্টিৰ স্তৰে স্তৰে বিজুলী সোতৰ দৰে সদায় কঁপিব লাগিছে। আভ্যন্তৰিক ছন্দৰ এই ধ্বনি আদিম মানুহৰ পবিত্ৰ হৃদয়ত প্ৰতিধ্বনি স্বৰূপে ঘনাই বাজি উঠা অতি স্বাভাৱিক। এই গভীৰ ছন্দ প্ৰকৃতিত বিচিত্ৰৰূপে ব্যক্ত; তটিনীৰ কুল কুলু, মলয়াৰ ৰিব, ৰিব, আদি সকলোতে সেই মহান বিশ্বকবিৰ ছন্দৰ স্পন্দন, সঙ্গীতৰ মূৰ্চ্ছনা। সৃষ্টিৰ আভ্যন্তৰিক ছন্দৰ এই বাহিৰৰ গাম্ভীৰ্য্যৰ সংস্পৰ্শৰ সমাবেশেই পৃথিবীৰ কবিতা, আৰু বাহিৰৰ ঐক্যই তাৰ নিঃকিন ছন্দ। সি যি হওক, বৰ্ত্তমান আলোচ্য বিষয়—ছন্দৰ উৎপত্তি আৰু তাৰ ক্ৰমবিকাশ; প্ৰকৃতিৰ এই বহিৰ্প্ৰকাশৰ মানুহ হৃদয়ত হোৱা ক্ষুদ্ৰ