পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২১
“কদম-কলি’’ কবিতা—লক্ষ্মীনাথ


ঘাতত আমাৰ সাহিত্যৰ মানসিক গঠন বৰঞ্চ অতি নিপোতলহে হৈ উঠিল। ইয়াৰ কাৰণ, বহু যত্নেৰে বাচি-বিচাৰি বিজাতৰীয়া বস্তু এৰি নিজ মাটিৰ কল- ভাত খুৱাই জাতীয় সাহিত্যক এই গঠন দিবলৈ চেষ্টা কৰা হৈছিল। “কদম- কলি”ৰ সখীৰ প্ৰতি, উষা আৰু প্ৰতিমা, মইনা, মৰমৰ সখী, নিমাতী কন্যা আদি কবিতা অসমীয়া ঘৰুৱা মাত-কথা আৰু অনুভূতি, আৰু মৰম-লগা ছন্দৰ অতি নিৰুপম চানেকি।

 এই শ্ৰেণীৰে অলপ সুকীয়া, আৰু ঘৰুৱা জীৱনতকৈও চহা জীৱনৰ সৈতে অধিক অনুভূতি থকা (পেষ্টৰেল্) কবিতা ধনবৰ আৰু ৰতনী, ৰতনীৰ বেজাৰ, তিলকা, আদি কবিতাও ঘাইকৈ লেখত লবলগীয়া। অসমীয়া ধাই নাম, গৰখীয়া নাম, হুচৰি নাম আদিৰে গাখীৰ চুহি ডাঙৰ হোৱা ৰূপে এই কবিতাবোৰো অসমীয়া পঢ়ুৱৈ সমাজৰ আদৰৰ বস্তু। ইয়াৰ উপৰি, কৃপাবৰ বৰবৰুৱাৰ হাঁহি-ৰসত জুবুৰিওৱা ধোঁৱা-খোৱা, ছয় ঋতুৰ ডাক, ডাকৰ টোপোলা, পকা চুলি আদি এশাৰী কবিতাই “কদম-কলি”ৰ আন এটি অঙ্গ পূৰণ কৰিছে। বিমল হাঁহি-ৰস সদায় সাহিত্যৰ সৌষ্ঠৱৰ চিনাকি, তাৰ নাটনি সাহিত্যৰ অপঁইতা অৱস্থাৰ চিন। ইংৰাজী সাহিত্যৰ এই সৌষ্ঠৱৰ পৰিচয় চছাৰৰ পৰাই নিয়মিত- ৰূপে আৰম্ভ হয়, আৰু স্বুইফট্, এডিছন, ষ্টীল আদিৰ ভিতৰেদি ক্ৰমে পৰিবৰ্দ্ধিত হবলৈ ধৰে। বঙালীৰ বঙ্কিমৰ দৰে অসমীয়াৰ কৃপাবৰেও গদ্য-পদ্য সকলো ৰচনাৰ ভিতৰেদি এই হাঁহি-ৰস বোৱাই অসমীয়া সাহিত্যক কৃতাৰ্থ কৰিছে, সন্দেহ নাই।

 এইখিনি পাৰ হৈ আহি আমি আকৌ যেতিয়া “কদম-কলি”ৰ বাঁহী, তৰা, কবিতা, মাতৃ-শ্ৰাদ্ধ, প্ৰেম, শান্তি, চিৰযৌবন, অৱশেষ, ৰেণুকা আদি কবিতাবোৰ পাওঁহি, আমি কেৱল মোহিত হওঁ! এই শাৰী কবিতাৰ এমুৰে “বীণ-বৰাগী” আৰু সিমূৰে “ঈশ্বৰ আৰু ভকত"—আমি কওঁ, এয়ে কবি হৃদয়-মন্দিৰৰ মণিকূট! ইমান ওখ ভাব, ইমান কবিত্ব, ইমান মধুৰতা! কবিৰ গীতত সেই “বুজোঁ বুজোঁ কৰোঁ, বুজিব নোৱাৰোঁ।” “উজাৰি লুকোৱা চিন”; সেই “অমৃত- সঙ্গীত* শুনি “শুকানে মেলক কুঁহি”। সেইদেখি কবিৰ হেপাহেৰে আমাৰো কবৰ মন যায়—

“নতুন প্ৰাণৰ ন চকু জুৰি, দীপিতি ঢালি দে তাত;
পুৰণি পৃথিবী নকৈ চাই লওঁ, হে বীণ, এষাৰি মাত॥”