আৰম্ভৰে পৰাই ভীমে মহাদেৱৰ ঘৰৰ আৰ্থিক অৱস্থাৰ এনে সত্যমূলক তথাপি
তীব্ৰ নিৰ্ভীক সমালোচনাকে কৰি আহিছে। গৰখীয়াৰ এনে কথাত পাৰ্ব্বতীয়ে
বৰ লাজ পাইছে সচা, কিন্তু তাত যে মিছাৰ লেশ মাত্ৰ নাই! তেতিয়া পাৰ্ব্বতীয়ে
গমি-পিতি চাই শিৱক কিৰিষিত মন দিবলৈ কলে, “ভিক্ষাৰ চাউলে জানা পেট
নুপূৰায়।” তেওঁৰ দিহা মতেই হবই বাসৱৰ পৰা মাটি, কুবেৰৰ পৰা কঠিয়া,
বলোভদ্ৰৰ পৰা নাঙল খুজি আনিলে; আৰু ইফালে যমৰ মহটো খুজি আনি
তেওঁৰ গৰুটোৰ সৈতে এহাল কৰি, নিজৰ ত্ৰিশূলালকে নাঙলৰ ফাল কৰি লৈ
হাল জুৰিলে। তৎক্ষণাত ষোল প্ৰহৰৰ মাটি মুকলি হল আৰু চাহ কৰি ধান
সিঁচা মাত্ৰে ধন গজি থোক মেলি পকিবলৈ ধৰিলে। জানি-শুনিয়ে শিৱই
পাৰ্ব্বতীক পথাৰ চাবলৈ যাবলৈ হাক দিছিল; কিন্তু তাকে নুবুজি পাৰ্ব্বতীয়ে
কি হৈছেনো তাকে চাবলৈ গল আৰু নদন-বদন শস্য দেখি “উশ’’ “আশ’’ কৰা
মাত্ৰই খোবা-খুবী ওলাই সকলো শস্য পুৰি ছাই কৰিলে। তাৰ বাবে পাৰ্ব্বতীয়ে
গালি-শপনি খাই কাবৌ-কোকালি কৰি আকৌ শিৱক কৃষি কৰিবলৈ পঠালে,
আৰু সেইমতে খেতি কৰি আহি পাৰ্ব্বতীক কলে “গৰখীয়া পাঞ্চিয়া ধানৰ আগ
আন।” ভীম গল—
নিমিষেকে ভীমে ধান পেলাইলেক কাটি। সৰু সৰু হাতৰ ভৈলেক তিনিমুঠি॥
ধান কাটি ভীম আসি বুলিলেক বাক। এহিখান ধান দাইবে পঠাইলা আমাক॥
কি কৰিবে কৃষি আই ভঙ্গুৱা শঙ্কৰ। কৈত শুনি আছাহা চহকী ভিক্ষুকৰ॥
ভূঁই-কৰোঁ বুলি ধান আনা মাগি বাচি। অন্ন-ব্যঞ্জন মানে তাক দিয়া বাচি॥
ভাঙ্গ ধুতুৰা গুড়ি জুমুধি হাতত। বাটে হোকা খাই শিৱ ফুৰয় সতত॥
ভূঁই কৰোঁ বুলি এৰপৰা চলি যায়। গছৰ তলত বহি থাকে ভাং খাই॥
লাহে লাহে বায়ু যদি লাগিল গাৱত। বাঘ-ছাল পাৰি শোৱে তাহাৰ তলত॥
নিদ্ৰা গৈয়া অচেতনভাৱে থাকে পৰি। ঢোন্দা কাকে চাৰিফালে খুটিয়ায় বেঢ়ি॥
গধূলি সময় ভৈলে লভয়ে চেতন। ঘৰক আসয় মাৰি ঘাৱ চাৰিমান॥
ভীমৰ কথাৰ গতি বুজি ‘হেন শুনি মহেশ্বৰে তুলিকে হাস। মিছা বথা কহি দ্বন্দ লগাইবাক চাস॥” কিন্তু কি হব, ভীমৰ সেই পালি দৰৱ গুণ দিলে যি দিলেই; পাৰ্ব্বতীয়ে ভীমৰ কখকে পতিয়ালে। “পাৰ্ব্বতী বোলয় মই পালোঁ পৰমাণ। তোমাৰ খেতিৰ প্ৰভু এহিমান ধান॥ ভোলানাথ তোমাৰ