এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২ ]
ঢ্য | বিভূতি থকা মানুহক আঢ্য কয়। |
ন্য | সদাই পুণ্য কৰিবলৈ মন দিবা। |
ত্য | কোনেও মৃত্যু এড়াব নোৱাৰে। |
থ্য | কেতিয়াও মিথ্যা কথা ন কবা। |
দ্য | বিদ্যাৰ নিচিনা ধন নাই। |
ধ্য | অধ্যাপকৰ উপদেশ মনত সাঁচি ৰাখিবা। |
ন্য | সকলো কথাতে গুৰু জনক মান্য কৰিবা। |
প্য | ৰৌপ্যৰ পৰা টকা হয়। |
ভ্য | নিতৌ পাঠ অভ্যাস কৰিবা। |
ম্য | সৰু লৰা ছোৱালীৰ কথা মনোৰম্য। |
য্য | দুখীয়া মানুহক সাহায্য কৰা উচিত। |
ল্য | হীৰাৰ জিলিকনিৰ তুল্য আন কোনো বাখৰৰ জিলিকনি নাই। |
ব্য | ব্যাধি হলে দৰব খোৱা উচিত। |
শ্য | কৰিব লগীয়া কাম অৱশ্যে কৰিবা। |
য্য | ভবিষ্যৎ বিষয় আগেয়ে গমি চাব লাগে। |
স্য | যশস্যা পাবলৈ কোনে আশা ন কৰে? |
হ্য | উটে ৰ'দ আৰু পিয়াহ বড়কৈ সহ্য কৰিব পাৰে। |
ক্ষ্য | অভক্ষ্য ভক্ষণ কৰিব নে পায়। |