পৃষ্ঠা:অসমীয়া লৰাপাঠ দ্বিতীয় ভাগ.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৭ ]

প্ৰিয় লৰা বিলাক! তোমালোকে কেতিয়াও বেয়া লৰা বিলাকে সইতে নুফুৰিবা৷ সদাই সিহঁতৰ পৰা আঁতৰত থাকিবা৷


হাতী৷

চাই ঠেঙ্গীয়া যিমান জন্তু আছে সকলোতকৈ হাতী ডাঙ্গৰ৷ কোনো কোনো হাতী ন দহ হাত মান ওখ হয়৷ আমাৰ দেশত, আৰু আফ্ৰিকা নামেৰে এখন দেশ আছে, তাত তাৰ জনম হয়৷ হাতী প্ৰায়েই ধোঁৱা বৰণীয়া। ঠাইএ ঠাইএ বগা হাতীও পোৱা যায়৷ মান দেশৰ ৰজাই বগা হাতী পোহে৷

হাতীৰ চকু অতি সৰু, কাণ কুলাৰ নিচিনা বহল, ডিঙ্গি চুটি৷ হাতীএ শুঁড়েৰে খোৱা বস্তু তুলি লয় আৰু তাৰেই পুখুৰীৰ পৰা পানী লই মুখত ভৰায়৷ সি শুঁড়েৰে মাটিৰ পৰা অতি সৰু বস্তুকো তুলিব পাৰে৷

মতা হাতী বোবৰ বড় বড় দুটা দাত ওলায়৷ মানুহে তাৰে ফণী, পাশা আদি কৰি অনেক বস্তু সাজে৷ মাইকী হাতীৰ তেনেকুৱা বড় দাত ন হয়৷ তাই এটা এটা পোৱালি জন্মায়৷