পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫৫ ]

ঝুমুৰী।

হেন শুনি জাম্বৱন্ত।
দেখি মহা বলৱন্ত॥
নিচিনি স্বামীক পাছে।
ধৰিলন্ত যুদ্ধ কাছে॥

অমিত্ৰাক্ষৰ পদ।
মোৰ বাক্য, শিশু, ধৰি ৰাখা মনে, তুমি
মিচা পৰ নিন্দা কৰি, নেখেদাবা কাল।
পাব খোজা তুমি যদি, আনৰ মৰম;
চিতে সৈতে সকলোকে, মৰম কৰিবা।

চিহ্ন প্ৰকৰণ।

 কেতবিলাক চিহ্ন আছে তাৰেও অনেক অৰ্থ পোৱা যায়। সেই বিলাকৰ যি নাম আরু যি অৰ্থ তাক তলত লিখা গল।

 (,) ইয়াৰ মাম কামা; এইটো চিহ্ন থাকিলে এক কওঁতে যি মান সময় লাগে তিমান ৰই পঢ়িব লাগে।

 (;) ইয়াক সিমিকোলেন বোলে; এই চিহ্ন থাকিলে কামাতকৈ অল্প বেছি সময় ৰই পঢ়িব লাগে।