পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫৪ ]

ছবি।

মিচা কথা ন কহিবা,   আরু চুৰ ন কৰিবা,
শপথ নেখাব অকাৰণে।
সকলোকে স্নেহ কৰা,   গুরুবাক্য চিত্তে ধৰা,
তেহে আদৰিব জ্ঞানিজনে।

দুলোড়ি।
কোন দিনা তুমি,   ধেমালিকে কৰি,
কাল নিনিয়াবা শিশু।
নিজ পাঠ পঢ়ি,   মনত ৰাখিবা,
নহলে হবাহে পশু।

লেচাৰী।
সদা দেশাচাৰ থোবা সাঁচি, পৰমাৰ্থতত্ত্ব লোৱা বাচি,
শাস্ত্ৰ যুক্তিমতে সদা কৰা আচৰণ।
শাস্ত্ৰযুক্তিতেসে দিয়া চিত, গোৱা হৰিনাম গুণগীত,
সকলো শাস্ত্ৰৰ এহি সে সাৰ বচন॥

একাবলী।
প্ৰসেন নামে তান ভ্ৰাতৃ আছে।

কণ্ঠত মণিক পিন্ধিলা পাছে॥