এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৩ ]
কৰ্ম্মপদ আগত থকা কেতবিলাক ধাতুৰ পাছত কৰ্ত্তৃবাচ্যে অণ্ হয়৷ ণ্ অনুবন্ধ অ থাকে৷ শাস্ত্ৰ-কৃ+শাস্ত্ৰকাৰ, সূত্ৰ-ধৃ সূত্ৰধাৰ, মালা-কৃ মালাকাৰ ইত্যাদি৷
কেতবিলাক ধাতুৰ পাছত কৰ্তৃবাচ্যে অ হয়৷ দিবা-কৃ+অ দিবাকৰ, নিশা-কৃ নিশাকৰ, প্ৰভা-কৃ প্ৰভাকৰ, ক্লেশ-কৃ ক্লেশকৰ, জল-চৰ জলচৰ ইত্যাদি৷
অ প্ৰত্যয় পাছত থাকিলে কোনো কোনো ঠাইত পূৰ্ব্ব পদৰ শেষত (ং) অনুস্বাৰ যুক্ত হয়৷ যথা; —ভয়-কৃ+অ ভয়ঙ্কৰ, বিশ্ব-ভৃ বিশ্বম্ভৰ, বশ বদ বশংবদ ইত্যাদি৷
অ প্ৰত্যয় পাছত থাকিলে কোনো কোনো স্বাতুৰ শেষ স্বৰ আরু সেই স্বৰৰ পাছত বৰ্ণৰ লোপ হয়৷ যথা; —জল-দা+অ জলদ, পুৎ-ত্ৰা পুত্ৰ, বি-জ্ঞা বিজ্ঞ, নৃ-পা নৃপ, অগ্ৰ-জন্ অগ্ৰজ, পাৰ-গম্ পাৰগ ইত্যাদি৷
কেতবিলাক ধাতুৰ পাছত কৰ্ত্তৃবাচ্যে অন হয়৷ যথা; ভীষ্+অন ভীষণ, পূ-পৱন, তপ্ তপন, দহ, দহন, দুঃ-যুধ দুৰ্য্যোধন ইত্যাদি৷