পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৮
প্ৰাকৃত-ভূগোল।

পানীৰ দেওৱাল স্বৰূপে এই মহা বান আহি সকলোকে গ্ৰাস কৰিলে। কোনোএ ৰক্ষা পাওঁ বুলি পাৰৰ গছত উঠিছিল; কিন্তু পানীৰ বেগত গছ উভলি মানুহ মৰিল, কোনো ওখ শিলৰ ওপৰত উঠি সাৰিব খুজিছিল, কিন্তু সি তৎক্ষণাৎ তল গৈ মানুহ উটি গল, যি লৰ মাৰি ওচৰৰ ওখ পৰ্ব্বতত উঠিবলৈ সময় পালে সি মাত্ৰ সাৰিল।

 বান পানী আৰু ঢলৰ ভিন্ন আছে; খৰালি কালিতকৈ পানী লাহে লাহে ওখ হৈ বাঢ়িলে ঢল অহা কয়, কিন্তু অকস্মাৎ বেগেতে পানী বাঢ়িলে, বান অহা কয়। জোৰহাটৰ কাসৰৰ দিচৈ * নদীৰ বানৰ কথা প্ৰায় সকলোএ বুজ পায়। বান নহলেও প্ৰায় সকলে নৈতে ঢল আহে। বছৰৰ কোনো এসময়ত পানী বাঢ়ি পাৰ উপচি যায়। এই সময় সকলো নৈতে একে নহয়। বাৰিষা আৰু তুষাৰ দ্ৰৱ হোৱাৰ সময় অনুসৰি, এই সময় লৰ হয়। উত্তৰ গোলাৰ্দ্ধত যেতিয়া বাৰিষা হয়, তেতিয়া দক্ষিণ গোলৰ্দ্ধতে খৰালি এই নিমিত্তে তাত ঢল অহা সময়ে ওলোটা। যিবিলাক নৈএ অকল বৰষুণৰ পৰাই পানী পায় সেই বিলাকৰ ঢল অহা সময় উত্তৰ গোলাৰ্দ্ধত আহাৰ শাওন মাহ; কিন্তু যিবিলাক নৈৰ উৎপত্তি প্ৰধান তুষাৰৰ পৰা হইছে, (যেনে ইউৰোপ আরু উত্তৰ আশিয়াৰ নদী বিলাক) সেই বিলাক নদীৰ ঢল সময় ঠিক জাৰ আরু জহৰ যোৰাতে অৰ্থাৎ চত বহাগ মাহত। কাৰণ এই সময়তে বেচিকৈ তুষাৰ দ্ৰৱ হয়। রুশিয়া


 * ইয়াকে ভোগদৈও বোলে। নগা পৰ্ব্বতৰ পৰা ওলায় আহি, জোৰ হাটৰ দাঁতিএ দি গৈ তাৰ অলপ নামতে টোকোলাই নামে ক্ষুদ্ৰ নৈত মিলি ব্ৰহ্মপুত্ৰত পৰিছে। ইয়াৰ গতিৰ একো স্থিৰ নাই। প্ৰায় বাট সলায় থাকে, আরু ওচৰত থকা গাওঁ, ঘৰ, পথাৰ বুড়ায়, ৰাইতৰ প্ৰায় বৰ পইমাল কৰে। চকুৰ আগতে, এক নিমিষতে আগ-ইতীয়া হৈ যাকে যত পায় উটায় নি কৰবাত পেলায় দিএ গৈ। ইয়াৰ বেগ বৰ প্ৰকোপান্নিত।