পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
নদী, হ্ৰদ আরুৰু উৎস।

হেতেন। কিন্তু যেই সেই জলসত্ৰতে যিমান পানী ৰৰষুণ বা তুষাৰ স্বরূপে পৰে তাৰ ভালেমান খিনি গছ বনে শোহে আরু ভাপ হৈ উড়ি যায়, কিছু মানে মাটিৰ ভিতৰে নিজৰি গৈ বৰষুণৰ পাছতো, বহু দিনলকে গোটেই খৰালি কালটো নৈক সজীব ৰাখে। কি জানি আধা মান মাত্ৰ ওপৰে বাগৰি গৈ ঢল হয়। ভোঠ তিব্বৎ (যি দুই দেশৰো বৰষুণ বা তুষাৰ স্বরূপে পৰা পানী ব্ৰহ্মপুত্ৰেদি সাগৰলৈ যায় সেই দুই ঠাইৰ কথাকে নকওঁ) কেৱল যদি আসাম দেশৰ বৰষুণৰ পানীৰ লেখ ধৰা যায়, জন যাব যে সেইএ ব্ৰহ্মপুত্ৰত যোৱা পানী খিনিত কৈ সৰহ। চিৰা পুঞ্জি এৰি আসাম দেশত, গড়ে বছৰত ৮৮ ইঞ্চি পানী,বৰষুণ রূপে পৰে ব্ৰহ্মপুত্ৰৰ জল-সত্ৰৰ যি ভাগ আসামৰ ভিতৰত ধৰিব পাৰি তাৰ পৰিমাণ ফল ৩৯,২১৫ বৰ্গ মাইল; ইমান ঠাইৰ ওপৰত যদি এমাহতে সমানে মুঠ বৰষুণ ১২ ইঞ্চিকৈয়ে পৰে, তেও সৰ্ব্ব মুঠ পানী ১,০৯,২২৬ কোটি ঘন ফুট হব। গোৰালপাড়ত ব্ৰহ্মপুত্ৰৰ বেগ আরু ছেদ, মুখৰ পৰিমাণ মাপি জনা গৈছিল যে খৰালি কালি এই নৈএদি সেকেণ্ডত ১৪৬,১ ৮ ঘন ফুট পানী বৈ যাব। এই নিৰিখত পূব্বোক্ত ঘন ফুট পানীৰ বোৱাই নিবলৈ ব্ৰহ্মপুত্ৰক খৰালি কালিৰ ৩ মাহৰ কমে নাটে। বছৰেকত মুঠ বৰষুণ ৪৮ ইঞ্চি পৰিলেও খৰালি কালিৰ দৰে নিবলৈ এবছৰৰ আৱশ্যক কিন্তু প্ৰায় তাৰ দুগুণ বৰষুণ পৰে; তেনে হলে সকল আসাম গৰ্ব্ভৰ পানীয়েই বাৰিষা তিনি মাহত, সেকেণ্ডত চাৰিগুণকৈ বলেও যে বছেৰেকলৈ আঁটি, ভাপহৈ উডি যাবলৈ আরু গছ বনৰ বৃদ্ধি সাধন কৰিবলৈ বাকি থাকিব, তাৰ আশ্চৰ্য কি! সমুদায় জলসত্ৰৰ পানী একে খন নৈত গোট খাই বুলি সৰহ দেখুৱায় কিন্তু লেখত কম হয়। আন অন নৈৰ সম্পৰ্কে ব্ৰহ্মপুত্ৰৰ উদাহৰণেই যথেষ্ঠ হব। জানিব লাগে যে সকলো ঠাইতে নৈৰ গৰ্ভ তাৰ জন্ধসত্ৰত কৈ অনেক গুণে সরু। আরু জল সত্ৰত পৰা সমুদায় পানীৰ