পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
প্ৰাকৃত-ভূগোল।

বিলাক দক্ষিণলৈ, অথচ অলপমান ঐশানিক হৈ বৈছে। যথাৰ্থতে মানচিত্ৰৰ নদী বিলাকৰ দিশলৈ মন কৰিলেই কব পাৰি ভূমি কোন ফাললৈ দ আরু কোন ফাললৈ ওখ। দুখন ওচৰা-উচৰি জল-সত্ৰৰ মাজত এনে এক ঠাই থাকে যাৰ অলপমান ইফালে বৰষুণ পৰিলে বা তুষাৰ দ্ৰৱ হলে এখন নৈলৈ আহিব আরু অলপ সিফালে পৰিলে সিখন নৈলৈ যাব; এই ঠাইৰ নাম জলকৰ ভূমি জলকৰ ভূমিৰেই জলসত্ৰৰ সীমা। এই নিমিত্তে প্ৰধান নদীৰ আৰু তাৰ কৰতলীয়া নদী বিলাকৰ মূল এক ৰেখাৰ দ্বাৰা সংযোগ কৰিলেই জলকৰ ভূমি পোৱা যায়। জলকৰ ভূমি কেতিয়াবা ও পৰ্ব্বতৰ ওপৰতত হব পাৰে নতু সমান মাটিৰ ওপৰতত হব পাৰে।

 তুষাৰাবৃত পৰ্ব্বতৰ সংযোগ, দেশৰ বৰষুণৰ পৰিমাণ, প্ৰধানকৈ জল-সত্ৰৰ পৰিমাণ অনুসাৰে নদ নদী ডাঙ্গৰ সরু হয়। এমেজন নদীৰ জল-সত্ৰৰ সমান ডাঙ্গৰ আরু কোনো নদীৰ জলসত্ৰ নহয় এই নিমিত্তে সেই নদীও অতুল্য। ভাৰত বৰ্ষত গঙ্গা, ব্ৰহ্মপুত্ৰৰ, জল সত্ৰৰ সমান নম্মদাৰ খন নহয় এই নিমিত্তে নৰ্ম্মদা নদী সেই দুই ও নদীতকৈ সরু। অত্যন্ত বিস্তীৰ্ণ, কোনো ঠাইত ইপাৰ সিপাৰ নেদেখা নানা সুতিৰে অহৰহ, অবিচ্ছেদে, দ্ৰুত গতিৰে বৈ থকা ব্ৰহ্মপুত্ৰৰ পানী অতবোৰ কৰ পৰা আহে ইয়াক ভাবি একো স্থিৰ কৰিব নোৱাৰি, অনেকে আচৰিত হৈ ব্ৰহ্মপুত্ৰকে দেৱতাৰ সকলো গুণৰ আধাৰ বুলি মানিছে। তেঁওৰ পৰাক্ৰম দেখি সকলে আসামবাসী তম্মান্‌। তৰৰ ভীম গৰ্জ্জন, হুৰ হুৰ শব্দেৰে তট স্খলন দেখি, পানীত ওপঙ্গিথকা ইকৰা পাখিৰ নিচিনা ব্ৰহ্ম পুত্ৰৰ গৰ্ভত থকা নাৱৰ মাজি বিলাক ভয়তে অত্ৰাহিত। কিন্তু অলপ গধুৰকৈ ভাবি চালে পোৱা যাব যে ব্ৰহ্মপুত্ৰ আসাম প্ৰদেশৰ এটি বাড়িয়লীয়া খালৰ নিচিনা মাথোন। সমুদায় আসাম দেশৰ পান ব্ৰহ্মপুত্ৰেই অকলে টন হলে এনে দুখন ব্ৰহ্মপুত্ৰই হে আঁটিলে