পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
পানীৰ রূপ ভেদ।

ঘৃষ্ট-প্ৰস্তৰ পোৱা যায়; তাতে অনুমান হয় যে এই বিলাক উপত্যকা অতি প্ৰাচীন কালৰ চিৰ-নিহাৰ-বাহুৰ দ্বাৰায় খনা হৈছিল। পৃথিবী কক্ষৰ কেন্দ্ৰ-বিভিন্নতা বৰ্তমান কালতকৈ অলপ বাঢ়িলে, আরু কক্ষৰ প্ৰতি তাৰ মেরু দণ্ড আৰু অলপ হেলনীয়া হলে, আরু আমা লোকৰ গোলাৰ্দ্ধত জাৰ হবৰ সময়ত বৰ্ত্তমান কালৰ দৰে পৃথিবী ওচৰ নহৈ বৰং সূৰ্য্যৰ পৰা দূৰ হলে, পৃথিবীত প্ৰধান কৈ উত্তৰ গোলাৰ্দ্ধত, জাৰ জহৰ বেচি তাৰতম্য হব; আরু তেতিয়া জাৰ কালিৰ চিৰ-নিহাৰ-বাহু বৰ্ত্তমান কালৰ বিলাকত কৈ বহুত তললৈকে নামি আহিব আরু দীঘল হব যে তাৰ একো সন্দেহ নাই। যথাৰ্থতে এনে লৰ এসময়ত আছিল।

 বিজ্ঞান-বিৎ স্যৰ স্যি লায়েল চাহাবে জ্যোতিষৰ গণনা কৰি কৈ গৈছে যে ২,১০,০০০ হেজাৰ বছৰৰ পূব্বে, ওপৰত কোৱা ভাৱটো পৃথিবীৰ আছিল। আরু সেই সময়তে বহুত তললৈকে বৰ বিস্তীৰ্ণ হৈ চিৰ-নিহাৰ-বাহু নামিছিল আৰু যত বৰ্ত্তমাণ কালত নাই ততো আছিল। এই দৰেই, জনা গল যে আগৰ দিনৰ পৰা পানীৰ সকলো রূপৰ ভিতৰত তুষাৰ আরু বৰফ রূপেই ভূমিৰ বৰকৈ রূপান্তৰ কৰিছে।

 পৰ্ব্বতৰ গড়া যদি বৰকৈ হেলনীয়া হয় তেন্তে দিনে দিনে গোট খাই স্তুপাকাৰ হোৱা বৰফে নিহাৰ-বাহু হৈ লাহে লাহে, নামি আহিবলৈ অপেক্ষা নকৰি যথেষ্ট রূপে ডাঙ্গৰ আরু গধুৰ হলেই পৰ্ব্বতৰ গড়াৰ ওপৰে অতি ভয়ঙ্কৰ শব্দ কৰি বাটত গছ আদি যি থাকে সকলোৰে প্ৰলয় মিলাই, ভয়ানক বেগেৰে বাগৰি আহে। বাগৰি অহা বৰফৰ দম বিলাকক হিম-শিলা কয়। এই কাৰণে পৰ্ব্বতীয়া ঠেক বাটে বা উপত্যকায় দি যোৱা বৰ ভয় জনক। এনে ঠেক ঠাইত বায়ুৰ সঞ্চালন নাই; সকলো নিষ্কম্প অলপ শব্দ কৰিলেই ওপৰৰ পৰা হুৰ-হুৰকৈ হিম-শিলা বিলাক খহি শব্দ কৰোতাক