পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৮
প্ৰাকৃত-ভূগোল।

বৰফৰ জুৰি এটাৰ ওপৰত পৰে আরু বৰফৰ লগেলগে সাৰি পাতি নামি আহে। অন্তত গৈ যিটো বৰফৰ ঘাই নৈ তাত জুৰিটে পতি এসাৰি এৰি শিল থকা দেখিবলৈ পোৱা হয়। বায়ুত আঙ্গাৰক-জাত এবিধ বাষ্প আছে; ইয়াক ইংৰাজীত কাৰ্বণিক এচিড্‌ গ্যেশ্‌ বোলে; এই বাষ্প, পানীৰ সংযোগত এবিধ দ্ৰাৱক হয়। ইয়াৰ কাৰণতত শিল ক্ৰমে কোমল হৈ অন্তত নিজৰ ভাৰত খহি পৰে। হিমালয় পৰ্ব্বতৰ টিংবিলাক, এইৰূপেই সঘনে খহি থাকে আরু তাত ফুৰা পথিক সেই কাৰণে সদাই মহাত্ৰাস যুক্ত।

 চিৰ-নিহাৰ-বাহু নিজে কঠিন বস্তু; তাত বাজে তাৰ মাজত অনেক টান শিল শোমাই থাকে। এই নিমিত্তে যি গুহাৰ বা যি উপত্যকাৰ ওপৰেদি চিৰ-নিহাৰ-বাহু নামি আহে, তাৰ মাটি বা শিলে ঘঁহনি পাই গুৰি হৈ যায়। কোনো ডোখৰ বৰ টান শিল থাকিলে তাৰ ওপৰত আঁক আরু ফাট বহে। এনেকুৱা কোনো ডোখৰ শিল আচৰিত ৰূপে মিহি আরু ৰেখা বিশিষ্ট; এই বিলাক শিলক ‘ঘৃষ্ট-প্ৰস্তৰ’ নাম দিয়া হৈছে। কোনো এটা নিহাৰ-বাহুৰ পোন ধৰি চালে তাৰ অন্তৰৰ বহুত নামতে ঘৃষ্ট-প্ৰস্তৰ আৰু পথালি কঙ্কৰ দেখিবলৈ পোৱা যায়। তাতে অনুমান হয় যে আজিকালিৰ চিৰ-নিহাৰ-বাহু বিলাকতকৈ আগৰ দিনৰ চিৰ-নিহাৰ-বাহু বিলাক বহুত নামলৈকে গৈছিল অৰ্থাৎ দীঘল আছিল। হিমালয় পৰ্ব্বতৰ বৰ্ত্তমান কালৰ নিহাৰ-বাহু বিলাকৰ ভিতৰত কোনো টোয়েহে মাত্ৰ সাগৰৰ, জল সীমাৰ পৰা ১১,০০০ ফুটৰ ওখ ঠাই চুই ছেহি। কিন্তু আগৰ দিনৰ নিহাৰ-বাহুৰ চিন স্বৰূপ পথালি- কঙ্কৰৰ দম চিকিমত সাগৰৰ জল সীমাৰ পৰা ৬০০০ ফুট ওপৰতে দেখা হৈছে। নগা পৰ্ব্বততো (যত আজি কালি কোনো ঠাইতে নিহাৰ-বাহু নাই তাতো) ৪০০০ ফুট ওখত কঙ্কৰ পোৱা যায়। হিমালয় আৰু আলপ্‌চ পৰ্ব্বতৰ নামত থকা অনেক উপত্যকাত