পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৭
পানীৰ রূপ ভেদ।

চমিৱম, দনকিয়া ইত্যাদি পৰ্ব্বত বিলাকৰ পৰা নমা নিহাৰ-বাহুৰ অন্তৰ পৰা উৎপন্ন হৈছে। ”

 চিৰ-নিহাৰ-বাহৰ অন্তত দমাদমে সরু ডাঙ্গ নানা আকাৰৰ শিল পৰি থকা দেখা যায়। আরু তাৰ দীঘে দীঘে ওপৰতো সাৰি সৰি শিল দেখা যায়। এই বিলাক শিলকে নিহাৰ বাহুএ উটাই আনি যতে অন্ত পৰে ততে দমাই ৰাখে। নিহাৰ-বাহুৰ ওপৰত সাৰি পাতি থকা শিল বিলাকক “লালি কঙ্কৰ” আৰু তাৰ অন্তত পথালি হৈ থকা শিল বিলাকক '“পথালি কঙ্কৰ” নাম দিব পাৰি। ইহতৰ উৎপত্তি অতি আচৰিত। নিৱা যত থাকে তাত সমুদায় পৰ্ব্বত তুষাৰৰ দ্বাৰায় আবৃত নাথাকে, ওখ ওখ টিংবিলাক তুষাৰৰ ওপৰে ওলায় থাকে। কাৰণ যি তুষাৰ টিং বিলাকৰ ওপৰত পৰে সূৰ্য্যৰ তাপ পালে দ্ৰৱ হৈ বাগৰি আহি বা বতাহতে উড়ি আহি সি তলৰ খালত পৰি গোট খাই নিৱী হয়। টিং বিলাক সম্পূৰ্ণ শিলৰ, তাত মাটিৰ লেশো নাই। এই শিলক স্বভাৱৰ এক মহৎ কোশলেৰে, পানীএ (তুষাৰৰ পানীএ) ভাঙ্গি চিৰ-নিহাৰ-বাহুত পেলাই উটাই নিএ। বৰফ পানীত কৈ পাতল আরু ই বেচি ঠাই যোৰে। চাৰি আঙ্গল মান ডাঠ এটা লোহৰ কোটোৰ পূৰ কৰি পানী ভৰাই মুখত টানি স্ক্ৰপ ঠিলা মাৰি যদি তাক অলপ মান সময় ৩২° ফা. তাপত কৈ কেবা অংশৰ নামলকে চেঁচা কৰি ছোয়া যায় তেন্তে পানী বৰফ হৈ ওফন্দি ঠিলাকে ওফোৰাব নতু কোটোৰাকে চিটা-চিট কৰি ফালিব। এনেকুৱা কাম পৰ্ব্বতৰ টিংঙ্গতো সদা সৰ্ব্বদা ঘটি আছে।

 শিল দেখিবলৈ যদিও নিটহ তথাপি তাত ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধা বা ছিদ্ৰ আছে; সম্পূৰ্ণ নিটহ বা ছিদ্ৰ হীন বুলিব পাৰি এনে কোনো বস্তুয়েই নাই; দিনত তুষাৰ দ্ৰৱ হৈ তাৰ পানী শিলৰ ছিদ্ৰৰ মাজে মাজে সোমাই কিন্তু ৰাতি পুনৰ বৰফ হয় কেবা ৰাতিও এই দৰে ভিতৰত বৰফু উৎপন্ন হৈ এৰাতি শিল ফাটি ডোখৰ ডোখৰ হৈ তলৰ