পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
প্ৰাকৃত-ভূগোল।

যদিও কঠিন বস্তু তথাপি নামি অহাৰ পক্ষে সম্পূৰ্ণ তৰল বস্তু নিচিনা। পানী বোৱা দৰে সঘনে এৰাই আৰু সঘনে যোবা খাই; যত বাট ঠেক তাত বেগাই আরু যত বহল তাত বেগ ঢিলাই আৰু কাশৰতকৈ মাজত বেগ বেচি কৰি বৰফ বব পাৰে; আরু নৈৰ দৰে পৰ্ব্বত উপত্যকাৰ ভাঁজ লৈ চিৰ-নিহাৰ বাহু বয়। কিন্তু চিৰ- নিহাৰ-বাহুৰ গতি অত্যন্ত ধীৰ, চকুৰে ঠাবৰিব নোৱাৰি, কেৱল শিলেৰে বৰফৰ ওপৰত চিন দি, কেইবা দিনে চালেহে ঠিক কৰিব পৰা হব। বিজ্ঞান-নিপুন টিনটন চাহাবে এই দৰে জোখ কৰি কৈছে যে নিহাৰ বাহুএ দিনটোত ৫ ইঞ্চিৰ পৰা ৩৬ ইঞ্চিলকে আগ বাঢ়িব পাৰে। নদী বিলাকৰ দস্তুৰেৰে চিৰ-নিহার-বাহুৰো শ খা আরু কৰতলীয়া চিৰ-নিহাৰ-বাহু থাকে; আরু কেবা খনো সৰু সৰু জুৰিস্বৰূপ নিহাৰ বাহু গোট খাই ডাঙ্গৰ নিহাৰ বাহু বিলাক কৰে। কোনো খন ইমান ডাঙ্গৰ যে দেখিলে এখন ব্ৰহ্মপুত্ৰ দৈ মাৰি আছে এনে বোধ হয়। হিমালয় আরু আল্‌পচ্‌ পৰ্ব্বতৰ অতি ওখ উপত্যকা বিলাকত এনেকুৱা চিৰ নিহাৰ-বাহুৰেই বৃহৎ বৃহৎ পথাৰ স্বৰূপ হৈ আছে। কোনো খন ডাঠে কেবা শ ফুট, দীঘলে অনেক মাইল যুৰি বয়। ইয়াৰ কণ্ড আৰু তিব্বৎ দেশৰ মাজত থকা কাৰকৰম পৰ্ব্বত শ্ৰেণীৰ পৰা নামি অহা বালটৰৰ চিৰ নিহাৰ বাহু বহলে ২। ৩ মাইল আরু দীঘলৈ ৩৬ মাইলতকৈ কম নহয়। চিৰ-নিহাৰ বাহু যতে অন্ত পৰে, তাৰ পরা বৰফ দ্ৰৱ হোৱা পানীৰ জুৰি আৰম্ভ হয়। হিয়ালয়ৰ পৰা ওলোৱা প্ৰধান প্ৰধান নদী বিলাক এই দৰে চিৰ-নিহাৰ-বাহুৰ মূৰৰ পৰা আৰম্ভ হৈছে। “সিন্ধু নদী মুস্তাক্ষ চিৰ- নিহাৰ-বাহুৰ পৰা, যমুনা নদী যমুনোত্তৰি পৰ্ব্বতৰ চিৰ-নিহাৰ-বাহুৰ পৰা আৰু গঙ্গা গঙ্গোত্তৰি পৰ্ব্বতৰ চিৰ-নিহাৰ-বাহুৰপৰা উৎপন্ন হৈছে। তিস্তা নদী আরু তাৰ কৰলীয়া নদী বিলাকো কাঞ্চনজঙ্ঘা,