পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৫
পানীৰ রূপ ভেদ।

আহে আরু ক্ৰমে ইভাগে সি ভাগক ঠেলি আনি নৈৰ দৰে বৈ আহি চিৰ-নিহাৰ-সীমাৰ বাজ হয় আরু তাৰ পৰা কেবা মাইলৰ নামলকে বৈ যায়। বৰফৰ নৈ বাটত আহোতে সূৰ্য্যৰ কিৰণত অলপ অলপ দ্ৰৱ হয় আৰু ৰাতি কঠিন হয়। ওপৰত কৈ অহা হৈছে যে বায়ু মণ্ডলৰ তললৈ ক্ৰমে তপত; সেই নিমিত্তে বৰফ যিমান নামি আহে দ্ৰৱ হোৱাটো ক্ৰমে বেচি হয় আৰু কঠিন হোৱাটো কমে। এই দৰে যিমান তললৈ আহি বৰফ সম্পূৰ্ণ দ্ৰৱ হয়, তাতে এই বৰফ নৈৰ অন্ত পৰে। এইৰূপ বৰফৰ নৈক ইংৰাজীতে “গ্লেচিয়ৰ” আৰু সাধু ভাষাত চিৰ-নিহাৰ-বাহু কয়; চিৰ-নিহাৰ-সীমাৰ ওপৰলৈ থকা বৰফ, যি নিহাৰ-বাহুৰ আদি তাক “নিৱী” কয়। কঠিন বৰফৰ নৈ! অথবা বৰফ বৈ আহে! পাঠক, আচৰিত নেমানিব। যদি তলত দিয়া কথা পৰীক্ষা কৰি চোৱা আৰু তাৰ পৰা জানা যে দুডোখৰ বৰফ লগাই থলেই আপুনি যোৰা খায় তেন্তে আমাৰ কথাত তোমাৰ সম্পূৰ্ণ বিশ্বাস হব। যদি দুডাল ডাঙ্গৰ ওপৰত কোমোৰা এটাৰ সমান এডোখৰ বৰফ পথালি কৰি তাৰ ওপৰেদি পিত্তল বা লোহাৰ গুণ এডাল ঘুৰাই সেই গুণাত এটা গধুৰ শিল ওলোমাই দিয়া হয় তেন্তে দেখা যাব যে কেই দাঁড় মান বেলিৰ পাছত সেই গুণাই বৰফ কাটি গৈ বৰফৰ মাজ পাইছে, কিন্তু কটাৰ চিন কতত একো নাই। এই পৰীক্ষা আৰু ঘণ্টাদিয়েকৰ নিমিত্তে ৰাখিলে দেখা যাব যে গুণা বৰফৰ মাজে সৰকি বাহিৰ হোৱাত, শিল মাটিত পৰি আছে, অথচ গুণাই কেনি কাটিলে তাৰ একো চিন নাই। বৰফৰ এইটো গুণ যে, তাৰ দুডোখৰ হেচি লগাই থলে দুইয়ো গোট খাই এডোখৰ হয়। সাধাৰণতে কঠিন বস্তুৰ এইটি গুণ নহয়; কেৱল তৰল বস্তুৰ দুটোপা গোট খাই এটোপা হোৱা স্বভাৱ। বৰফৰ এনে গুণ থকাত তোমালোকে শিলা বৃষ্টিৰ সময়ত কেবা ডোখৰ বৰষুণৰ শিল মুঠিত ৰাখি ডাঙ্গৰ এডোখৰ কৰি ৰঙ্গ কৰিৰ পাৰা। এইটো বিশেষ গুণৰ কাৰণেই বৰফ