হৈ পৰে; অলপমান মাত্ৰ হিমালয় পাৰ হৈ উত্তৰ গড়াত তুষাৰ বৰষিব পাৰে গৈ। যদিও ঐশানিক মৌচুমে প্ৰথমতে উত্তৰ গড়াকে চোৱেহি তত্ৰাচ সি শুকান বুলি তাৰ পৰাও বহুত তুষাৰ নপৰে। দ্বিতীয়, তিব্বৎ দেশ খৰাঙ্গ আরু তাৰ বায়ুও খৰাঙ্গ; যিবা অলপ তুষাৰ উত্তৰ গড়াত পৰে তাৰো সৰহ ভাগক খৰাঙ্গ বায়ুএ শুহি নেদেখা ভাপ কৰে। কিন্তু দক্ষিণ গড়াৰ বায়ু প্ৰায় পূৰ্ণ-সিক্ত থাকে বুলি সৰহ কৈ তুষাৰ শুহিব নোৱাৰে। তৃতীয়, উত্তৰ গড়াৰ খৰাঙ্গ বায়ুৰ মাজেদি বেচিকৈ সুৰ্যৰ কিৰণ আহিব পাৰে; কাৰণ তাপৰ নিমিত্তে ভাপ নথকা বায়ু সম্পূৰ্ণ স্বচ্চ আরু তাপ বেচি আহে বুলি বেচি তুষাৰ দ্ৰৱ হয়। কিন্তু দক্ষিণ গড়াৰ বায়ুত থকা ভাপেই সূৰ্য্যৰ কিৰণ কিছু সংবৰণ কৰে; সেই নিমিত্তে উত্তৰ গড়াতকৈ দক্ষিণ গড়াত তাপ কম আরু তুষাৰ দ্ৰৱ হয়।
পূৰ্ব্বে কোৱা হৈছে যে চিৰ-নিহাৰ-সীমাৰ ওপৰে বছৰ যুৰি তুষাৰ থাকে। ই বছৰৰ তুষাৰ সমুদায় খিনি দ্ৰৱ নৌ হওঁতেই সিবছৰৰ তুষাৰ পৰে; এই দৰে বছৰে বছৰে তুষাৰ গোট খাই পৰ্ব্বতৰ ওপৰত দম হৈ শিখৰ বিলাকৰ খাল বাম সমান কৰি থয় আরু তেনে পৰ্ব্বতৰ ওপৰত তুষাৰ পৰি পৰি দুটা তিনটা তুষাৰৰ ওখ পৰ্ব্বত হল হেতেন। কিন্তু যাতে সেই দৰে সৰহকৈ গোট খাব নোৱাৰে এনে দুটা উপায় আছে। প্ৰথম, তুষাৰ বৰফ হৈ বৈ আহে, দ্বিতীয়, বাগৰি আহে। প্ৰথমতে শিখৰৰ গুহা, খাল বা উপত্যকাত গোট খোৱা তুষাৰৰ ওপৰ ভাগ দিনৰ ৰদত দ্ৰৱ হয় আরু তলৰ তুষাৰৰ সুরুঙ্গাৰ মাজে মাজে তাৰ পানী সোমাই সেই পানীও গোট মাৰে। তাৰ বাহিৰে ওপৰৰ তুষাৰ দমৰ হেচা পায়ো তলৰ তুষাৰ খিনি টান হয়। কালত এই দৰে সমুদায় তুষাৰ বৰফ হৈ পৰে। বৰফেৰে ভৰি থকা গুহা, খাল, বা উপত্যকা বিলাকৰ তলী যদি আওগড়ীয়া হয় তেন্তে ওপৰত থকা হাজাৰ-বাৰ-শ ফুট তুষাৰৰ কেচা পৰি তলত থকা বৰফ নামি