হলে তুষাৰ হয়। দ্বিতীয় অধ্যায়ৰ বৰফৰ পৰীক্ষা পাত্ৰৰ ওপৰত যি কঠিন পদাৰ্থ এবিধে কঁড়াল মৰাৰ কথা কোৱা হৈছে, সেইয়ে তুষাৰ। তুষাৰ যদিও তুলাৰ নিচিনা সপ-সপীয়া তথাপি অনুবীক্ষণেৰে চালে লোনৰ নিচিনা দানা থকা যেন দেখি। প্ৰত্যেক দানাত ছটি, ছটি পাহ আছে। কোনোটি দানা অতি সুন্দৰ ছ-পহীয়া ফুল বা তৰাৰ নিচিনা; কোনটি ছয় বাহু, যুক্ত ক্ষেত্ৰৰ নিচিনা; কোনটী বা এক বিন্দুৰ ওপৰতে মুখ পাতি থকা ছটি কাঁড়ব নিচিন। এই অনুক্ৰমে তুষাৰ দানা হাজাৰতকৈ সৰহ নক্সাৰ দেখা গৈছে। তুষাৰৰ সৰু সৰু সুপি বিলাক নানা আকাৰৰ হৈ পৰে; কিন্তু এক ইঞ্চিতকৈ দীঘল পোৱা নাই। যদিও তুষাৰৰ বৰণ বগলি পাখিৰ নিচিনা। শুক্লা তথাপি হিম মণ্ডলত কৰবাত কেতিয়াবা ৰঙচুৱা আরু ঈষৎ সৌজীয়া বৰণৰ তুষাৰ দেখি। এনে ৰঙৰ এবিধ অতি ক্ষুদ্ৰ বন তাত মিহলি হৈ থকাৰ কাৰণেই তেনে কুৱা দেখি। এই বন তুষাৰৰ ওপৰত গজে।
মেরুৰ কাসৰৰ প্ৰদেশ বিলাকত মাটি সদাই তুষাৰেৰে ঢকা থাকে; আরু সকলো অক্ষাংশতেই অতি ওখ পৰ্ব্বৎ বিলাকৰ শিখৰ বিলাকো তুষাৰেৰে চিৰকাল শুকুলা হৈ থাকে। যি ৰেখাৰ পৰা ওপৰলৈ বছৰ যুৰি তুষাৰ মাটিত থাকিব পাৰে আরু য়াতকৈ চাপৰত বছৰ যুৰি নেথাকে সেই ৰেখাকে চিৰ-নিহাৰ-সীমা কোৱা যায়। নিৰক্ষ বৃত্তত এই সীমা সাগৰৰ জল সীমাৰ পৰা ১৬০০০ ফুট ওখ। তাৰ পৰা দক্ষিণ আরু উত্তৰলৈ নামিগৈ প্ৰায় ৭৮° অক্ষত সাগৰৰ জল সীমাৰ সৈতে মিলিছে কিন্তু ঠাই বিশেষে এই অনুক্ৰমিক অবতৰণৰ অলপ অলপ লঙ্ঘন হয়। হিমালয় পৰ্ব্বতৰ দক্ষিণ ফালৰ চিৰ-নিহাৰ সীমাতকৈ উত্তৰ ফালৰটো ৪০০০ ফুট ওখ। প্ৰথম কাৰণ, সাগৰৰ ভাপেৰে পৰিপূৰ্ণ নৈঋত্য মৌচুমৰ তেনেই বায়ুখিনি আহি আগেয়ে দক্ষিণ গড়াত খুন্দা খায় আরু তাতে সৰহ খিনি ভাপ তুষাৰ বা বৰষুণ