পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৭
পানীৰ রূপ ভেদ।

পৰা উৎপন্ন; সেই সাতোটি বৰণ ইন্দ্ৰ-ধনুত দেখিবলৈ পোৱা যায়। সূৰ্য্য কিৰণ নানা প্ৰকাৰে মেঘৰ ওপৰত বিক্ষিপ্ত আ{{বঙালী ৰু প্ৰতিফলিত হৈ কোনোটী প্ৰকাশ পায় আরু কোনোটী বিলুপ্ত হয়। যি বৰ্ণ ব্যক্ত থাকে সেই বৰ্ণকে মেঘত দেখা যায়। এই বিষয়ে বাহুল্যি- রূপে জানিবলৈ হলে পদাৰ্থ-বিদ্যাৰ আলোক বিষয়ক ৰচনী পাঠ কৰা উচিত।

 মেঘৰ কণিকা-কণিকা পানী টোপা বিলাক গোট খাই ডাঙ্গৰ আৰু গধুৰ হলেই বৰষুণ হয়। যদি নামি আহোঁতে বাটত খৰাঙ্গ এতৰপ বায়ুৰ মাজেদি নামি আহে, তেনে তাৰ সৰহ ভাগ তাতে শোহে বা পুনৰ ভাপ হয়; নামি অহা বৰষুণৰ টোপা বিলাক অতি ক্ষুদ্ৰ হৈ “মেঘে কণিকীয়াই”। সকল দেশত সমানে বৰষুণ নহয় :—

 (১) উষ্ণ-মণ্ডলত ভাপ বেচি এই নিমিত্তে তাত তাপো বেচিকৈ উঠে আরু বৰষুণো সৰহ। তাৰ পৰা উত্তৰ দক্ষিণলৈ ক্ৰমে কম।

 (২) সমান ঠাইতকৈ পৰ্ব্বতীয়া ঠাইত বেচি বৰষুণ হয় তাৰ কাৰণ ওপৰত উল্লেখ কৰা হৈছে।

 (৩) সাগৰৰ ভাপে প্ৰথমতে সাগৰৰ দাঁতিৰ প্ৰদেশ বিলাক পায়; এই হেতু অন্তৰৰ ঠাই বিলাকতকৈ সাগৰৰ দাঁতিৰ দেশ বিলাকত বৰষুণ সৰহ। এই তিনি নিয়মেৰেই যেই সেই ঠাইৰ বৰষুণৰ পৰি- মাণৰ প্ৰভেদ হয়।

  মোঙ্গলীয়াৰ গোবি মরু প্ৰদেশ, তিব্বত দেশৰ অধিত্যক, পাৰস্য দেশৰ মাজভাগ, আৰৰ দেশৰ উত্তৰ ভাগ, মিশৰ দেশৰ সাহাৰা মরুভূমি প্ৰভৃতি কোনো কোনো ঠাইত প্ৰায় কেতিয়াও বৰষুণ নহয়। এই বিলাকৰ কোনো ঠাইত ২০। ৩০ বছৰৰ অন্তৰত দুজাক বা এজাক, কোনো ঠাইত বছৰত দুজাক মান বৰষুণ হয়। পিরু দেশত বৰষুণ হোৱা এটা বৰ উৎপাতৰ কথা তাৰ অনেকে বৰষুণ