পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
প্ৰাকৃত-ভূগোল।

হলে মিহি ভস্মৰ বৰণ লয়। বৰষুণৰ পূৰ্ব্বে বা বৰষুণ দি থাকোতে ডাৱৰৰ মাজত বিজুলি ঘনে ঘনে খেলে, সেই নিমিত্তে অনেকে ভাবে যে ডাৱৰত থকা বিজুলি বা তাড়িতৰ কোনো বিশেষ অৱস্থাত পানী কণিকা বিলাক গোট নাখাই মেঘ স্বরূপে থাকে আরু আন কোনো অৱস্থাত সেই এ গোট খাই বৰষুণ হয়।

  ওপৰত দিয়া চাৰিবিধ মেঘৰ যোগত আরু তিনি বিধ মেঘ হয় তাৰ নাম অলক-স্তুপ, অলক-স্তৰ আরু স্তুপ-স্তৰ। নামৰ পৰা যেনে অৰ্থ বোধ হয়, ই বিলাক তেনে দু বিধ মূল মেঘৰ মাধ্যমিক। অলক- স্তুপক জহ কালি বেচিকৈ দেখি; গৰম খৰাঙ্গ দিনত ই ওলায়; সাধাৰণতে তাক মাচ বাকলীয়া বা কোৰ চপৰীয়া মেঘ কয়; কাৰণ মাচৰ বাকলিৰ দৰে অলক-স্তুপ মেঘ বিলাক সুপি-সুপি হৈ অন্তৰত থাকি আকাশ ঢাকি থাকে। স্তুপ-স্তৰ মেঘৰ পৰাই ডাৱৰ হয়।

  আকাশত মেঘ ওপঙ্গি থকাৰ কাৰণ, অনেকে অনেক প্ৰকাৰে দিএ। কিন্তু তলত দিয়াটি এই যথাৰ্থ বুলি, বহুতৰ মনে ধৰে। তেওঁ বিলাকৰ মতে “মেঘ বা কুঙলি সরু সরু পানী কণিকাৰ সমষ্টি। বতাহত যি দৰে অত্যন্ত মিহি ধুলি বা চূণ-গুৰি ওপঙ্গি ফুৰিব পাৰে সেই দৰে তলৰ পৰা উঠি যোৱা বতাহৰ বেগত এই মেঘ রূপত থকা পানী-কণিকা বিলাকো উড়ি ফুৰে। তললৈ যে মেঘ কেতিয়াও সৰি পৰা নেদেখি সি কেৱল দেখাতহে তেনে। যথাৰ্থতে মেঘো ক্ৰমে ক্ৰমে তললৈ পৰে কিন্তু যিমান ভাগ নামে সিমান ভাগ তলৰ তপত বায়ু পাই পুনৰ নেদেখা হোৱাত আরু মেঘৰ ওপৰ ভাগত ক্ৰমে নতুনকৈ ঘনীভূত হোৱা ভাপৰ যোগ হোৱাত মেঘবিলাক একে ঠাইতে থকা যেন অনুমান হয়। ”

 মেঘৰ বৰণ সদাই একে নাথাকে, নানা সময়ত নানা ৰঙ ধৰে। ৰৰণৰ সৰ্ব্ব মূল সূৰ্য্যৰ কিৰণ। সূৰ্য্য-কিৰণৰ শ্বেতবৰ্ণ, সাত মূলবৰ্ণৰ