মুদ্ৰই সকলো পানীৰ ভড়াল। তাৰ পৰাই পানী ওলাই নানা রূপ ধৰি বায়ু প্ৰদেশ আৰু ভূ-ভাগ পৰিভ্ৰমণ কৰি আকৌ তালকে গৈ তাতে লয় পাইছে। সমুদ্ৰৰ পানী যি যি রূপলৈ পৰিবৰ্ত্তন হয় তাৰ ভিতৰত প্ৰধান এই কেইটা; ভাপ, মেঘ, কুঙলি, নিয়ৰ, বৰফ, তুষাৰ। এই বিলাকৰ উৎপত্তি বিষয়ে দ্বিতীয় অধ্যায়ত উল্লেখ কৰা হৈছে। এই অধ্যায় এই বিলাকৰ বিশেষ বিবৰণ দিয়া যাব। সমুদ্ৰৰ পৰা ভাপ উঠি বায়ুমণ্ডলৰ ওখ প্ৰদেশ পালে মেঘ হয়। মেঘ অতি ক্ষুদ্ৰ পানী কণিকাৰ সমষ্টি। জুইৰ ওপৰৰ পোৰা-টেকেলিৰ মুখৰ পৰা ওলোৱা শুকুলা ভাপ আরু মেঘ দুইয়ো একে বস্তু। পোৰা- টেকেলিৰ মুখৰ ভিতৰত থাকোতে ভাপ দেখা নাযায়, কিন্তু মুখৰ বাহিৰলৈ আহিলে শুকুলা ধোঁৱা যেন দেখি। কাৰণ ভিতৰত থাকোতে যথাৰ্থ ভাপ বা পানীৰ বাষ্প আছিল; বাষ্পক দেখা নাযায় কিন্তু যেতিয়া বাহিৰ হল চেঁচা বায়ু লাগি নিজে চেঁচা হোৱাত ভাপ গুচি ক্ষুদ্ৰ ক্ষুদ্ৰ পানী-কণিকা হয় আরু শুকুলা ধোঁৱাৰ দৰে উড়ি যায়। স্বচ্চ আৰ্চি এডোখৰ খুলিলে তাৰ গুৰি যি কাৰণত বগা হয় সেই একে কাৰণতেই পোৰা টেকেলি মুখৰ পৰা উঠা ধোঁৱা স্বরূপ কণিকা কণিকা পানীও বগা হয়। কিন্তু এই বিলাক শুকুলা ভাপ (যথাৰ্থত পানী-কণিকা) কিছু ওপৰলৈ উঠিলে বায়ু দ্বাৰা সঞ্চালিত হৈ, চাৰিও ফালৰ অপূৰ্ণ সিক্ত-বায়ুৰ লগত মিহলি হোৱাত পুনৰ নেদেখা হয়। এই কাৰণে আকাশত মেঘৰো আবিৰ্ভাব আৰু অন্তৰ্দ্ধ্যান দেখিবলৈ পোৱা যায়।
পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে