পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
সমুদ্ৰ সঞ্চালন।

হাতো ওখ কৰি দিএ। এই লোৱাৰ উজাই যাওঁতে আরু নৈৰ ভটীয়নি পানী বাহিৰলৈ ওলাওঁতে দুইৰ প্ৰতিঘাতত জোৱাৰ হঠাৎ চাপ খাই ১০|১২ হাত ওখ গড়াৰ নিচিনা হৈ নৈয়েদি প্ৰচণ্ড বেগেৰে উজাই যায়। আরু বাটত যি পায় সকলোকে নষ্ট কৰি যায়। এইরূপে জোৱাৰ অহাক বঙ্গালা কথাত ‘বান’ কয় অসমীয়াত জোৱাৰ-গঁড়ীলা বোলে। কলিকতাত হুগলী নৈৰ পানী হঠাত পাঁচ ফুট ওখ হৈ পৰা এটা ইতৰ কথা।

  কোনো কোনো নৈৰ জোৱাৰ-গঁড়ীলা হুগলীৰ টোত কৈও ডাঙ্গৰ। সমুদ্ৰৰ সকলো অংশতে জোৱাৰ একে দৰে নহয়। বেলেগ হোৱাৰ নানা কাৰণ আছে প্ৰথমে, দক্ষিণ সমুদ্ৰৰ উত্তৰলৈ বেলা উজাই আহে বুলি দক্ষিণ মুখীয়া উপসাগৰ আ{বঙালী ৰু}} নদীৰ মুখ বিলাকত যিমান প্ৰবল জোৱাৰ হয়,পূব বা পশ্চিমলৈ মুখ কৰা বিলাকত সিমান নহয়। ভুমধ্যস্থ সাগৰৰ মুখ পশ্চিমলৈ বুলি তাত জোৱাৰ দুৰ্ব্বল। বাল্টিক সাগৰ অগ্নি-কোণ মুখীয়া, এই নিমিত্তে তাতো জোৱাৰৰ গম পোৱা নাযায়। দ্বিতীয়, সমুদ্ৰৰ তলী অসমান হোৱাত আ{বঙালী ৰু}} ভূমি খণ্ডৰ নানা বাধা পোৱাত সকলো সাগৰত বেলা সমান বেগেৰে বা সমান ডাঙ্গৰ হৈ নচলে। স্থিৰ সমুদ্ৰৰ দক্ষিণত অষ্ট্ৰে- লীয়াদি অসংখ্য দ্বীপপুঞ্জৰ বাধা থকাত তাত জোৱাৰ দুহাততকৈ ওখ নহয়। তাত বায়ুৰ কাৰণেও বৰ ওখ ঢৌ নুঠে আ{বঙালী ৰু}} ধুমাহাদি প্ৰবল বাতো কম। এই নিমিত্তেই সেই সমুদ্ৰৰ নাম প্ৰশান্ত বা স্থিৰ সমুদ্ৰ, আট্লা‌ন্টিক আৰু ভাৰত সমুদ্ৰৰ দক্ষিণে এনে কোনো বাধা নথকাত এই দুই সমুদ্ৰৰ জোৱাৰ বৰ ডাঙ্গৰ হয়। তৃতীয়, সাগৰৰ পাৰৰ গঢ় লৈ, উপসাগৰ, মোড়, দ্বীপ, উপদ্বীপৰ আকৃতি লৈও জোৱাৰৰ উচ্চ, গতি, দিশ আৰু বেগ লৰে। ব্ৰিটেনীয়া বাহকত, ফ্ৰান্স দেশৰ চেন্ট আৰ্লৰ কাসৰত জোৱাৰ কেতিয়াবা কেতিয়াবা ৫০ ফুট ওখ হয়। উত্তৰ আমেৰিকাৰ ঈশান