পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
সমুদ্ৰ সঞ্চালন।

বেলা হব তাৰ আকৃতি চ ন ৰ্চ ৰ্ন ৰেখা আরু সূৰ্য্যৰ নিমিত্তে উৎপন্ন হোৱা বেলাৰ আকৃতি স ৰ্ম ৰ্স ম ৰেখা। এনে স্থলত সূৰ্য্যই তোলা বেলাৰ চাপৰভাগ চন্দ্ৰই তোলা বেলাৰ ওখ ভাগৰ সৈতে আরু চন্দ্ৰই তোলা বেলাৰ চাপৰভাগ সূৰ্য্যই তোলা বেলাৰ ওখ ভাগৰ সৈতে সংস্থান হোৱাত দুইৰো বেলাই পৰস্পৰক কমাই সংঘাত বেলা সরু কৰে। তাক ল হ ৰ্ল ৰ্হ চক্ৰ দ্বাৰা বুজোৱা গৈছে। এই দৰে অষ্টমী

তিথিত জোৱাৰ ভাটা নিচেই সরু হয় আরু সেই সরু জোৱাৰক নাৱৰীয়া বিলাকে “মৰা কোটাল” কয়। কিন্তু যেতিয়া পূৰ্ণিমা হয়, চন্দ্ৰ, সূৰ্য্যৰ বিপৰীত ফালে থাকে আরু আউসী তিথিত দুইও একে- পোনে থাকে। উভয় স্থলতেই দুইও উৎপন্ন কৰা বেলাৰ ওখ ভাগে ওখ ভাগে আরু চাপৰ ভাগে চাপৰ ভাগে মিলি পৰে। এনে লত বিয়োগ নহৈ যোগ হোৱাত বেলা বৰ ডাঙ্গৰ হৈ উঠে আরু সেই দুই তিথিৰ যোৱাৰক নাৰৰীয়া বিলকে “কোটাল” বোলে। আন আন তিথিৰ জোৱাৰ, “মৰা কোটাল” আরু “কোটাল” দুই মাধ্যমিক।