পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৪
প্ৰাকৃত-ভূগোল।

উষ্ণ মণ্ডলৰ তপত প্ৰদেশলৈ অবিচ্ছেদে, কতত অতি দ্ৰুত বেগেৰে, কতো ধীৰে ধীৰে, কতো বহু ঠাই যুৰি, কতো ঠেক হৈ, নদীৰ স্ৰোতেৰে সমুদ্ৰৰ পানীৰ সোঁতা বিলাক বব লাগিছে। সমুদ্ৰত সোঁত হোৱাৰ প্ৰধান কাৰণ, প্ৰথম, বায়ুৰ গতি, দ্বিতীয়, তপত বা চেঁচা হোৱা বাবে পানীৰ গা বৃদ্ধি বা হ্ৰাস; তৃতীয়, সমুদ্ৰৰ পানী ভাপ হৈ ওপৰলৈ উঠা। একে দিশে কেবা দিনে বাযু বৈ থাকিলে বতাহৰ লগত পানীৰো সেই ফাললৈ সোঁত বলে। নৈঋত্য কোণৰ ফালৰ পৰা বহু বতাহ বলালে বাল্টিক সাগৰৰ ভিতৰলৈ সোঁত হোৱা দেখা গৈছে, সেই দৰে মৌচুম বাতৰ দিশৰ লগে-লগে বঙ্গ-উপসাগৰৰ সোঁতৰো দিশ সলনি হয়। উষ্ণ মণ্ডলত বহুত পানী মুহূৰ্ত্তে মুহূৰ্ত্তে ভাপ হৈ উঠাত তাত পানী কিছু খাল পৰে, সেই খাল পুৰাবলৈ উত্তৰ আৰু দক্ষিণৰ পৰা নিৰক্ষ বৃত্তৰ ফাললৈ পানী অহাত দুটা সোঁত সদা-সৰ্ব্বদা আছে। কিন্তু ইয়াৰ পূৰ্ব্বৰ অধ্যায়ত দিয়া কাৰণ অনুসৰি এই সোত তলে তলে আছে। দীৰ্ঘাকৃতি লোহিত সাগৰৰ পৰা বহু ভাপ উঠাত তাৰ মুখৰ জল-শীমাতকৈ সুয়েজ উপ- সাগৰৰ জল-সীমা প্ৰায় দুফুট চাপৰ এই নিমিত্তে সদাই বেবেল- মেণ্ডেব প্ৰণালীৰ মাজেদি ভিতৰলৈ আৰব সাগৰৰ পৰা ঘণ্টাত এক মাইল মানকৈ বেগে পানী বৈ আছে।

  এইৰূপে নানা কাৰণত সমুদ্ৰৰ পানীত নিৰক্ষ বৃত্তৰ তলে তলে এটি প্ৰধান সোঁত উৎপন্ন হৈছে। এই সোতক নিৰক্ষ বৃত্তৰ সোঁতা বোলে। প্ৰথমে কুমেৰু সমুদ্ৰত উৎপন্ন হৈ, ঈশান কোণলৈ পোনাই আহি দক্ষিণ আমেৰিকাৰ পশ্চিম পাৰ পাইছে, আরু তাতে বাধা পাই দুভাগ হৈ এটি সরু সোঁতা হৰণ্‌ অন্তৰীপে দি ঘুৰি ঈশান কোণৰ ফাললৈ গৈছে আনিটি সোঁতা পিৰু দেশৰ পাৰে গৈ বিষুব ৰেখা পাই তাতে পশ্চিমা হৈছে; আরু ঐশানিক আরু অগ্নি কোণ গতি-নিবন্ধৰ সহযোগত বেগবান হৈ বিষুব ৰেখাৰ লগে লগে এফালে