লাগে; সেই ঠাই প্ৰথমতে ওপৰৰ পানী এৰি দি কাসৰত দম বান্ধে; দলি তললৈ গলে পুনৰ পানী আহি সেই ঠাই ভৰে। এই দৰে পানী হঠাৎ সঞ্চালিত হোৱা বাবে ঢৌ উৎপন্ন হয়, তদ্ৰুপ বাযু বওঁতে তাৰ হেচাত এঠাইত পানী চাপৰ হলে আন ঠাইত ফিক্ খাই উঠে। বাৰম্বাৰ এই দৰে জোকাৰ খোৱাত ঢৌ বিলাক ডাঙ্গৰ হৈ যায়। বহল সাগৰত যিমান ডাঙ্গৰ ঢৌ দেখিবলৈ পোৱা যায় ঠেক সাগৰত সিমান নাযায়। হৰণ্ অন্তৰীপৰ আৰু উত্তমাশা অন্ত- ৰীপৰ কাসৰত সকলো ঠাইতকৈ বৰ ডাঙ্গৰ ঢৌ হয়। তাত ৩০|৪০ ফুট পৰিমিত ওখ ঢৌ দেখা হৈছে। যদিও বতাহে ক্ৰমাগত লৰাই থকা বাবে ঢৌ বাঢ়ি গৈ থাকে, তেও তাৰ সীমা আছে; যেতিয়া সেই সীমা পায় তাৰ আগ ভাগি ফেন হয় আৰু বতাহত সেই ফেন উড়ি সাগৰৰ পৰা ৩০। ৪০ ফুট ওপৰলকে যোৰে। আরু তৰাঙ্গ পানী পালে ঢৌ চাপ খাই গুৰি ঠেক আৰু গা দুগুণ বা তিনি গুণ ওখ হোৱাত তাৰ আগটো ভাগি সহস্ৰ কণা হৈ পানীক শুকুলা কৰে, আৰু বাযুক একন একন পানী কণিকাৰে পৰিপূৰ্ণ কৰে। ঢৌ- বিলাক ক্ৰমে আগবাঢ়ি বতাহ নোহোৱা ঠাইত ওলাই গৈ আৰু অন্তত সাগৰৰ পাৰত খুন্দালাগি ছিন্ন ভিন্ন হয়। বতাহ সাম কটাৰ পাছতো অনেক ক্ষণলকে ঢৌ থাকে। বতাহত যি ঢৌ হয় তাৰ দ্বাৰা পানীৰ বহুত তললৈ লৰ চৰ নহয়; বৰ ধুমুহাতত ৩০০ ফুট মানৰ তললৈকে হে পানী লৰে আরু তৰা পানীত বাজে আন ঠাইত কত ঢৌৰ নিমিত্তে সোঁত নহয়। সমুদ্ৰৰ ওপৰত কেৱল ঢৌৱা আকৃতিটোৰ পৰিচালন হব, তাৰ লগত পানীৰ গতি নহয়।
ঢৌৰ বাজেও সমুদ্ৰৰ পানীৰ আৰু এবিধ সঞ্চালন আছে; এই সঞ্চালন সামুদ্ৰিক সোঁতৰ পৰা হয়। ইয়াৰ কাৰণে এক গোলাৰ্দ্ধৰ পৰা আন গোলাৰ্দ্ধলৈ, আটলান্টিক সমুদ্ৰৰ পৰা স্থিৰ সমুদ্ৰলৈ, আকৌ তাঁৰ পৰা আটলান্টিক সমুদ্ৰলৈ, বৰফাবৃত্ত কেন্দ্ৰৰ ওচৰৰ পৰা