পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
পানী আরু তাৰ ওপৰত সূৰ্য্যৰ ক্ৰিয়া।

সি চূণৰ এক যৌগিক পদাৰ্থৰ পৰা হোৱা। সেই প্ৰাণী বিলাকে এই চূণ, সাগৰৰ পানীৰ পৰা পায়। এবিধ প্ৰাণী আছে সিহতৰ নাম পোৱাল আরু সিহেতৰ শৰীৰৰ সৰহ ভাগ চুণৰে গঠন হয়। সিহতে লৰিচৰি নুফুৰে কিন্তু গছৰ নিচিনাকৈ একে ঠাইতে স্থিৰ থাকে। সিহত মৰিলে তাহতৰ হাৰ পৰি থাকে আৰু সাগৰ ঢৌত ভাগি নকৈ কঁড়াঁল মাৰি বৰ ডাঙ্গৰ চুণশিল হয়। তাৰ ওপৰত নকৈ পোৱাল গজি তাতে আকৌ গোট খাই টান হয়। এই দৰে প্ৰকাণ্ড শিল বিলাক গোট খাই নতুন দ্বীপ হব লাগিছে ভাৰতবৰ্ষৰ দক্ষিণ পশ্চিমৰ মালদ্বীপ আরু লাক্ষাদ্বীপ সম্পূৰ্ণ এই দৰে উৎপন্ন হয়।

  সাগৰ ক্ৰৌৰ-ক্ৰোৰ প্ৰাণীৰ বাসস্থান। মাচ আদি কৰি কোনো বিলাকে তাত স্বচ্ছন্দে সাতুৰি ফুৰিছে। কেকোৰা, শামুক, কড়ি, আদি প্ৰাণীবিলাকে তলীত বগাই ফুৰিছে; আকৌ পোৱাল আদি কৰি কিছু মানে তলীত গছৰ নিচিনাকৈ গজি আছে। তিমি আদি কোনো কোনো বিধ মত্ত গজেন্দ্ৰতকৈও পাঁচ ছয় গুণে ডাঙ্গৰ আরু তাৰ দৰেই স্তন্যজীবী আৰু সম্পূৰ্ণ গঠন বিশিষ্ট আরু ইপিনে কতো বিলাক ইমান ক্ষুদ্ৰ যে বিনা যন্ত্ৰেৰে চালে সিহতৰ অস্তিত্বৰে সন্দেহ হয়। আরু আন বিলাক গঠনত ইমান সামান্য যে যদিও সিহতৰ লৰিবৰ আৰু ভোজন কৰিবৰ ক্ষমতা আছে, তেও তাহতৰ অঙ্গ প্ৰত্যঙ্গৰ একো ভাগ বিভাগ পোৱা নাযায় কেৱল এসোপা লপ্‌থপীয়া বিজৰ নিচিনা। সাগৰত থকা সকলো বিলাক প্ৰাণীএ পানীৰপৰা কাঢ়ি লৈ বায়ু সেৱন কৰে। এই বায়ু, সাগৰৰ ওপৰে বতাহ বোৱাত ঢৌ চলোঁতে পানীৰ লগত মিহলি হয়। সাগৰত অসংখ্য পৰিমাণে বামৰ গছ আদি উদ্ভিদ্‌ পদাৰ্থও আছে। কিছু মানে বামৰ গছ-গছনিৰ নিচিনাকৈ সাগৰৰ তলীত গজি আছে, কতোএ স্বচ্ছন্দে পানীত ওপঙ্গি ফুৰিছে কিন্তু সাগৰৰ উদ্ভিজ্জ বামৰ উদ্ভিজ্জৰ সৈতে এটি বিষয়ত নিমিলে; সি এই, সাগৰৰ তলীত