পানী লোণীয়া। স্থল-বেষ্টিত সাগৰ বিলাকৰ পানী কোনো খনত মুকলি সমুদ্ৰতকৈ লোণীয়া কোনো খনত বা মিঠা। যি বিলাকত নদীএ অনা পানী ভাপ হৈ উঠি যোৱা খিনিতকৈ সৰহ, সি বিলাকৰ পানী-মুকলি সমুদ্ৰৰ পানীতকৈ মিঠা; কিন্তু যাৰ ভাপ হৈ উঠি যোৱা পানীহে সৰহ, সি বিলাক সাগৰ তাতকৈ লোণীয়া। লোহিত সাগৰত নদী নামৰ যোগ্য নৈ এখনো পৰা নাই; আরু সি পৃথিবীৰ অতি তপত এখণ্ডত থকা বাবে তাৰ পৰা অধিক পৰি- মাণে ভাপ উঠে। এই হেতু সি সমুদ্ৰতকৈ লোণীয়া। কিন্তু বল্টিক সাগৰ চেঁচা প্ৰদেশত পৰিছে; সেই বাবে তাৰ পৰা কম ভাপ উঠে; তাতে আকৌ কেবাখনো ডাঙ্গৰ নে উত্তৰ ইউৰোপৰ পৰা আহি পৰিছে। এই হেতু ই সমুদ্ৰৰ পানীতকৈ মিঠা। শেষত কব লগীয়া যে সাধাৰণতে আটলান্টিক সমুদ্ৰ স্থিৰ সমুদ্ৰতকৈ বেচি লোণীয়া।
ওপৰত কৈ অহা বস্তু বিলাক সাগৰতনো কেনেকৈ গোট খালে তাক সহজে জানিব পাৰি। বৰষুণৰ বা বৰফ দ্ৰৱ হোৱা পানীৰে সৈতে মাটিৰ লগত মিহলি হৈ থকা লোণ, ক্ষাৰ, চূণ আদি বস্তু বিলাক সাগৰত পৰে; মাটি বালি খিনি নিগৰি সমুদ্ৰ তলীত, পতা হয়। লোণ, ক্ষাৰ আদি বস্তু বিলাক পানীত মিহলী হৈ থাকে। এই বিলাক বস্তু আঁতৰাবৰ কোনো নৈসৰ্গিক উপায় নথকা হলে ক্ৰমে গোটই সাগৰৰ পানী দিন দিন বেচি পৰিমাণে লোনীয়া আরু খারুৱা হৈ উঠিল হেতেন। কিন্তু যাতে গোট খাব নোৱাৰে এনে উপায় আছে। নৈএ যেনেকৈ সুতি বা খাড়ী এৰে সেই দৰে সমুদ্ৰয়ো কোনো কোনো ভাগ এৰে। আরু সেই ভাগ ক্ৰমে শুকালে লোণ অৱশেষ থাকে আরু টান হৈ খনিজ লোণ হয়; চূণ ভাগ, সাগৰত থকা প্ৰাণী কেত বিলাকে কাঢ়ি লয়। শঁখ, শামুক, আদি অনেক প্ৰাণীৰ এক ৰকম টান চোকোৰা বা বাহ আছে,