পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় প্ৰকৰণ।

পানী আরু তাৰ ওপৰত সূৰ্য্যৰ ক্ৰিয়া।
চতুৰ্থ অধ্যায়।
সমুদ্ৰ।

নী মানুহৰ অনেক প্ৰকাৰ সুখৰ মূল। পানীৰ দ্বাৰায় শস্য উৎপন্ন হৈছে, তাৰ ওপৰতে দূৰ দেশলৈ গৈছে আৰু ও তাতে খাদ্যদ্ৰব্যাদি সিদ্ধ কৰি জীবন ৰক্ষা কৰিছে এই নিমিত্তে পানীৰ শাস্ত্ৰীয় নাম জীবন। নদী, সমুদ্ৰই বেপাৰৰ আরু তাৰ লগে-লগে সভ্যতাৰ বাট; যদিও আজি কালি অনেকে ক্ৰোড়-পতি হৈ ৰেলগাড়ী উলিয়াই দেশ বিদেশৰ দূৰ গুচাই বামদি বেপাৰৰ সুচল কৰিছে তেও পানীত ওপোঙ্গাই অতি গধুৰ বস্তুকো অলপ খৰছতে নিচেই দুখীয়াটায়েও নিব পাৰে বুলি, বামে পানীক চেৰ পেলাব পৰা নাই আরু নোৱাৰেও। এই হেতু পুৰণা কালৰ পৰা আজিলকে সভ্য আরু বেপোরেৱা ঠাই বিলাক সাগৰৰ সমীপত দেখা যায়। আরু, অন্তঃ-প্ৰদেশতো নৈ বা হ্ৰদৰ পাৰত হে নগৰ স্থাপন হয়। জীৱ পালন আরু সিহঁতৰ উন্নতি সাধন এই দুই কথা এৰিও পানীৰ পৰা স্বভাৱৰ এটি মহৎ ইষ্ট সাধন হৈছে। পানী সমকৰ্ত্তা, অৰ্থাৎ ই নিজে যেনেকৈ সমোচ্চ থাকে লোককো সমান কৰিবলৈ পুরুষাৰ্থ কৰে। যদি আমাৰ পাঠকে এদিন বৰষুণ দিওঁতে পিড়ালিত বহি চোতাললৈ চায়, এই কথাৰ প্ৰমাণ হাতে হাতে পাব। তেওঁ দেখিব যে বৰষুণৰ টোপাই পতি অলপ বালি ধুলি চোতালৰ সকলো ঠাইৰ পৰা এৰাই আরু মিহলি হৈ ওপৰৰ পৰা ফটিকৰ ধাৰেৰে পৰা পানীক ঘোদা কৰে আরু সেই