পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
প্ৰবাত বায়ু।

কৰে। এই দৰে ৩০ শালত এটা বৰ ঢৌ উঠি তাৰ লগত সাগৰৰ জাহাজ লৈ গঙ্গা-সাগৰ দ্বীপৰ গছৰ আগত তুলিছিল। “ইংৰাজী ১৮৬৬ সনৰ ৫ অক্টোবৰ তাৰিখত এটা ভয়ানক তুফান কলিকাতাৰ ওচৰে যায়। এই তুফানৰ কেন্দ্ৰ কলিকতাৰ পৰা মাইল দিয়েকৰ পশ্চিমে দি গৈছিল। সেই দিন গঙ্গা নদীৰ জাহাজ আরু নাৰ বিলাকৰ মহা প্ৰলয় হয়। ৩১ খন জাহাজ (তাৰ ভিতৰৰ ৯ খন, ২৫ হাজাৰ মোনীয়াত কৈও ডাঙ্গৰ) মৰা পৰে। লঙ্গৰৰ পৰা এৰাই এটাই বিলাক চিন্ন ভিন্ন হল আরু “পি ও কোম্পানীৰ” এখন বৰ ডাঙ্গৰ ডাক জাহাজ হুগলী নদীৰ সিপাৰে শালিমাৰ টেকৰ ওচৰত পৰেগৈ। কেবা সপ্তাহলকে বামত,উফৰি ছেদেল বেদেল হৈ থকা ভগা নাৱ আৰু জাহাজ মাস্তুল, মাল ইত্যাদি—বস্তুৰ নিদানে আলিয়ে দি যাব নোৱাৰা হৈছিল। কিন্তু সকলো ঠাইতকৈ মেদিনিপুৰ আরু চৌব্বিশ পৰগণাৰ উৎপাত আতি ছৰিল। তুফানৰ লগত সাগৰৰ পৰা ঢৌ আহি সকলোকে উটাই কোন ঠাইত ২০ হাত কোন ঠাইত ২৫ হাত দ হৈ ইয়াৰ ওপৰেদি বাগৰি গল। এই জল প্লাবনত ৪৮,০০০ হাজাৰতকৈও ওপৰ মানুহ মৰে। তাৰ পাছত এই প্ৰলয়ৰ ফল স্বরূপ মাহ দিয়েকলকে যি জ্বৰ আরু আকাল হৈছিল তাত পৰি আৰু ২৫,০০০ হাজাৰ মান মানুহ মৰে। ঘূৰ্ণী বাতৰ কেন্দ্ৰ বালীয়া মরু ভূমিৰ ওপৰে গলে বালি, স্তম্ভৰ দৰে ওপৰলৈ উঠি দেশ পৰিভ্ৰমণ কৰে; ইয়াকে বালিগছা বা বালি-স্তম্ভ কয়। তুফানৰ আকৃতি আরু স্বভাৱ, পানীৰ চাকনৈয়া চাই কিছু বুজিব পাৰি।

  আমাৰ দেশত ঘুৰ্ণী-বাতৰ বিষয়ে অনেক কথা শুনা যায়। কিন্তু আমালোকৰ ধুমুহা বা তুফান অতি ক্ষুদ্ৰ। বঙ্গ দেশত আরু আন আন ঠাইত যেনে তুফানৰ কাণ্ড শুনা যায় সি অতি আচৰিত। “বঙ্গ দেশত ১২৪৪ শালত এটা তুফান ধাপা-বলীয়া-ঘাটৰ পৰা