পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
প্ৰবাত বায়ু।

হৈ কোনো বস্তুৰৰ ছাঁ নেপেলায়। সৌজীয়া গছ গছনি বিলাক অপৰিষ্কাৰ নীলবৰণৰ হয়। আৰু চৰাই পহুএ ভয়ত ইফালে সিফালে ধাপলীয়াবলৈ ধৰে। নতুনকৈ এনে দৃশ্য দেখা মানুহৰ মানত সংসাৰ যেন লোপ পাব খোজে। আকশেই যেন যম দ্বাৰ হৈ তেও ক গ্ৰাস কৰে। বায়ুৰাশি অতি ক্ষুদ্ৰ মিহি বালিৰে পৰিপূৰ্ণ। বতাহে পাগহালিৰ জুইৰ দৰে মুখত ধৰে। সেই বতাহ ইমান তপত আৰু ইমান শুকান যে মানুহৰ গাত লগা মাত্ৰকে চাল, খৰ খৰীয়া হয়, ডিঙ্গি জলিবলৈ ধৰে, উসাহ ঘন হয় অন্তৰ দাহ কৰে আরু বৰ হুতা- হে ধৰে। নিৰৰ্থক অভাগা নৰে ঢোক-ঢোকে পানী গিলে, কেতিয়াও শৰীৰ ঘামি, চাল, কোমল নহয়। নিৰ্গক পুৰি ডেই মৰা মনুষ্যে চেচা বিচাৰি শিল, পানী, লল, পিত্তলত হাত বুলায়; কিন্তু সকলো তপত। ঘাট বাট জনশূন্য, জগতত মাজ নিশাৰ নিস্তব্ধতাই বিৰাজ কৰে। নগৰৰ আরু গাৱঁৰ মানুহ বিলাকে নিজৰ ঘৰে ঘৰে দুৱাৰ ডাঙ্গ মাৰি কিছু ৰক্ষা পায়। পথিকে তম্বুঘৰত বা গাত খানি সোমাইহে তত পায়। উট বিলাকে ছিৎ হৈ পৰি মাটিত মুৰ গুজি প্ৰাণ ৰাখে। এই দৰে কিছু সময় মৰা প্ৰায় জীৱ জন্তুৰ ওপৰে ধীৰে ধীৰে ভাপ প্ৰবাহ বৈ শেষ হলে আকৌ আকাশ নিৰ্ম্মল হয়; আরু প্ৰাণী বিলাকে প্ৰায় পুণৰ জন্ম ধৰে। আন আন তপত বতাহৰ ভাৱো ইয়াৰ পৰা বুজিব পাৰি।

 ওপৰত যি যি বতাহৰ কথা লিখা হল সকলোৰে গতি সৰল ৰৈখিক অৰ্থাৎ পোনে পোনে বয়। কিন্তু বা মাৰলি ঘূৰ্ণীবাত, ধুমুহা, তুফান ইত্যাদিৰ গতি চক্ৰাকার। বা-মাৰলি, ধুমুহা, তুফান ইত্যাদি সকলো একে, মাত্ৰ সরু ঘূৰ্ণীবাতক বা-মাৰলি বোলে, ডাঙ্গৰ ঘূৰ্ণীবাতক ধুমুহা, তুফান ইত্যাদি নাম দিয়া হয়। বা-মাৰলি অথবা ঘৰ্ণীবাতৰ পৰিসৰ ৫|৬ হাতৰ পৰা ৫০০|৬০০ মাইল পৰ্য্যন্ত হব পাৰে।