পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
প্ৰাকৃত-ভূপোল।

অক্ষাংশৰ পৰা ১০ অক্ষাংশলৈকে “নিৰ্বাত আৰু অস্থিৰ বাত মণ্ডল। ” এই মণ্ডলৰ উত্তৰে দক্ষিণে ১০ উত্তৰ অক্ষাংশৰ পৰা ২৫ উত্তৰ অক্ষাংশলকে আরু ৩ উত্তৰ অক্ষাংশৰ পৰা ২৩ দক্ষিণ অক্ষাংশলকে দুটি “গতি-নিবন্ধ বাত মণ্ডল। ” ২৫ উত্তৰ অক্ষাংশৰ পৰা ৪০ উত্তৰ অক্ষাংশলকে আরু ২৩ দক্ষিণ অক্ষাংশৰ পৰা ৪৬ দক্ষিণ অক্ষাংশলকে আকৌ দুটি “নিৰ্বাত আরু অস্থিৰ বাত মণ্ডল” আৰু ৪০ অক্ষাংশৰ পৰা ৫৫ অক্ষাংশলকে উত্তৰ আরু দক্ষিণ গোলাৰ্দ্ধত বিপক্ষ-গতি- নিবন্ধ বতাহৰ পৰা ওলোৱা দুটি “পাশ্চাত্য বতাহৰ মণ্ডল⸺”।

  গতি-নিবন্ধ, মৌচুম আদি বতাহৰ যি স্বভাৱ ওপৰত কৈ অহা হল তাক মাত্ৰ মুকলি সমুদ্ৰত সম্পূৰ্ণ পোৱা যায়; পৃথিবীৰ পৃষ্ঠ অসমান হোৱাৰ নিমিত্তে বামত তাহতৰ প্ৰকৃত স্বভাৱৰ অনেক অংশে লৰ হয়; আঘাত আৰু প্ৰতিঘাতত অস্থিৰ বাত রূপে প্ৰকাশ পায়। পৃথিবীৰ ভিতৰত যত বিধ অস্থিৰ বতাহ আছে সকলোৰে বৰ্ণনা দিয়া বাহুল্য; সকলোৰে উৎপত্তি কাৰণ একে আরু ঠাই অনুসৰি সিহঁতৰ প্ৰাকৃতিক স্বভাৱ লৰ হয়। বালীয়া মরু ভূমিত এবিধ তপত বতাহ স্বজন হয়। আৰব দেশত তাৰ নাম “চিমুম,” চাহাৰা মরুভূমিত “হম্মাটান,” ভাৰতবৰ্ষৰ পশ্চিম অঞ্চলত “লুঃ,” ভূমধ্য সাগৰত “চিৰক” আরু স্পেন দেশত তাৰ নাম “চলেন”। পিরু দেশত এণ্ডিস্ পব্বতৰ ওপৰে দি এবিধ বৰ চেচা বতাহ বয়। সি ইমান চেচা আৰু শুকান যে গাত লগা মাত্ৰ সকলো ৰস শুকাই যায় আরু শৱ মাত্ৰে নপচি কাঠৰ নিচিনা টান আরু শুকান হয়।

  চিমুম বতাহ কেনে ভয়ানক যি এবেলি তাৰ গম পোৱা নাই তেওঁক সেই বিষয় বৰ্ণনাৰে বুজোৱা টান। চিমুম আৰম্ভ হোৱাৰ পৰা আকাশে ক্ৰমে ঘোৰতৰ মুৰ্ত্তি ধৰে। উজ্জ্বল নীল বৰনীয়া আকাশে হাবিজুইৰ ধোৱাৰে ৰঙ্গচুৱা হোৱা মেঘৰ নিচিনা বৰণ লয়। সূৰ্য্য সিন্দুৰৰ নিচিনা ৰঙ্গা হয়; আরু ক্ৰমে জ্যোতিহীন