পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
প্ৰবাত বায়ু।

ঠাইলকে যুৰি আৰ্চিৰ নিচিনা সমান আরু বহল সাগৰ বিস্তাৰিত আছে। এদিন যায়, চাৰি দিন যায়, সপ্তাহ দিন যায়; তেও জাহাজ একে ঠাইতে, অলপো লৰ চৰ নাই। প্ৰথমে যদি জাহাজৰ আগ টিং উত্তৰলৈ, এতিয়াও উত্তৰলৈকে মু; সেই সুবিস্তীৰ্ণ আৰ্চিৰ নিচিনা মহাসাগৰ বৰ্ত্তমান; সেই অগ্নি-পিণ্ডবৎ সূৰ্য্য মণ্ডল অগ্নিপিণ্ডৰ দৰে সাগৰৰ পৰা ওলায় আকৌ সেই দৰেই সাগৰতে সোমায়। কিন্তু অকস্মাৎ এদিন দূৰত গভীৰ নিনাদ হয়; অলপৰ পাছতে জাহাজ লৰিবলৈ ধৰে আরু শেষত হুৰ হুৰ শব্দ কৰি মহা ভয়ানক বেগেৰে চলিবলৈ ধৰে। পাল ভিড় হৈ অন্তত ছিৰা ছিৰ হৈ ফাটে। ফটা পালে দি, জৰিৰ মাজেদি বতাহে সো সোৱাবলৈ ধৰে। যত মাস্তুল ভাগি ধুমকৈ পৰে, তত জৰি ছিগি পাল উড়ি যায়। জাহাজ তল যাওঁ ওপঙ্গো হৈ এফাললৈ লৰ দিয়ে।

 গতি-নিবন্ধ বতাহৰৰ ওপৰেদি বলোৱা বিপক্ষগতি-নিবন্ধ বতাহ আছে। ইয়াৰ প্ৰমাণ স্বরূপ তলে যি ফাললৈ বতাহ বয়, সেই দিশৰ পৰা উভতি ওপৰে দি মেঘ চলা দেখি। টেনেৰীফ পৰ্ব্বতৰ মূল দেশত যদি ঐশাণিক গতি-নিবন্ধ বা গাত লাগে শিখৰলৈ গলে তাত নৈঋত্য কোণৰ পৰা বায়ুৰ শ্ৰোত পোৱা যায়, নিৰ্ব্বাত আরু অস্থিৰ বায়ু মণ্ডলৰ ওচৰত বিপক্ষ-গতি নিবন্ধ বতাহ অনেক ওপৰেদি বয়; কিন্তু ক্ৰমে ক্ৰমে চেচা হৈ নামি যায় আরু ক্ৰমে পশ্চাত্য হৈ ইউৰোপ, উত্তৰ আশিয়া, উত্তৰ আমেৰিকা আরু দক্ষিণ মহাসাগৰত দেখা দিয়ে। এই পশ্চাত্য, বা বিপক্ষ-গতি- নিবন্ধ বতাহৰ লগত সাগৰৰ পৰা যি ভাপ আহে তাৰ পৰাই ইউৰোপ আদি দেশত বৰষুণ আরু তুষাৰ পৰে। পাশ্চাত্য বতাহ গতি-নিবন্ধ বতাহ এই দুই বতাহক স্থিৰ বাতৰ শ্ৰেণীত ধৰা হয়।

  বায়ুৰ সোঁতৰ সম্পৰ্কে পৃথিবী পৃষ্ঠ যিমান ভাগ কৰা হব পাৰে তাৰ বিষয়ে সংক্ষেপে কব লাগিলে মাজতে নিৰক্ষ বৃত্তৰ উত্তৰে তৃতীয়