পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
প্ৰাকৃত-ভূগোল।

বাতৰ বিষয়ে বিশেষকৈ পাছে কোৱা হব। অষ্ট্ৰেলিয়াত যি মৌচুম ৰাত আছে তাৰ দিশ অগ্নিকোণ আরু বায়ুকোণ।

  আগেয়ে কৈ অহা হৈছে যে পৃথিবীৰ সকলো ঠাইত কৈ উষ্ণমণ্ডল তপত আরু দুই কাসৰত থকা দুই সমমণ্ডল আরু দুই শীত মণ্ডল তাতকৈ অনেক গুণে চেচা। উষ্ণ-মণ্ডলৰ পৰা উঠা তপত্‌ বায়ুৰ ঠাই লবলৈ কাজেই দুই ফালৰ পৰা অৰ্থাৎ উত্তৰ আরু দক্ষিণৰ পৰা উষ্ণ-মণ্ডলৈ সদা সৰ্ব্বদা বায়ুৰ দুটি সোঁত বৈ থাকিব। কিন্তু এই দুই বায়ু-সোঁতৰ গতি সম্পূৰ্ণে উত্তৰা-দক্ষিণ নহয়। পৃথিবী পশ্চিমৰ পৰা ঘুৰা বাৰে তাৰ লগতে কিছু পশ্চিমলৈ ঢাল লোৱাত উত্তৰ গোলাৰ্দ্ধত ঐশানিক আরূ দক্ষিণ গোলাৰ্দ্ধত অগ্নিকোণী হৈবয় বাৰ এই দুইটি সোঁত সদাই একে দিশে বৈ থাকে বুলি ইয়াৰ নাম গতি— নিবন্ধবাত। ঐশাণিক গতি— নিবন্ধ বাত আরু অগ্নিকোণী গতি— নিবন্ধ বাত যতে মিলিছে ততে স্থিৰ বা নিৰ্ব্বাত, কিন্তু সময়ে সময়ে তাত বৰ ধুমুহা হয়। এই কাৰণে এই ঠাইক নিৰ্ব্বাত আৰু “অস্থিৰ বাত মণ্ডল” নাম দিয়া হয়। এই মণ্ডল নিৰক্ষ বৃত্তৰ ঠিক ওপৰত নহয়, তাৰ পৰা উত্তৰে তৃতীয় অক্ষাংশৰ পৰা ১০ অক্ষাংশলকে যুৰি আছে। এই খিনি ঠাইৰ ভিতৰত সমুদ্ৰৰ পানী আৰ্চিৰ নিচিনা সমান আরু তাত যি প্ৰতিবিম্ব পৰে আৰ্চিৰ ওপৰত পৰা দৰে পৰিষ্কাৰ। সমুদায় জাহাজ খনি মাস্তুলৰ মুৰৰ পৰা তলী- লকে পৰিষ্কাৰ রূপে সম্পূৰ্ণ প্ৰতিফলিত হয়। যি জাহাজ অলপৰ পূৰ্ব্বে বায়ুৰ বলত পাল ভিড় খাই কাঁৰৰ বেগেৰে ঢৌ ভঙ্গি কল কল শব্দ কৰি আহে, এই মণ্ডল প্ৰবেশ কৰা মাত্ৰ তাৰ পাল তললৈ ওলমি মাস্তুলত লাগি ৰয় আরু ক্ৰমে জাহাজৰ গতি বন্ধ হয়; শেষত একেবাৰে লঙ্গৰ কৰাৰ নিচিনা একেভাৱে একে ঠাইতে ৰয়। ওপৰে সূৰ্য্যে অগ্নি বৰিষণ কৰে, জাহাজৰ তক্তাপাট ভৰি দিব নোৱাৰা তপত হয়। চাৰিও দিশে আকাশ আরু সাগৰৰ সন্মীলন হোৱা